গুৱাহাটী, 24 এপ্ৰিলঃ "প্ৰায় 4 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজা ৷ লগতে অসমত প্ৰায় 12 খন আসন পাবলৈ সক্ষম হ'ব মিত্ৰজোঁটে ৷" এই মন্তব্য অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৷ 23 এপ্ৰিলত গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ যোৱা পাচতে দৃঢ় বিশ্বাসেৰে এনেদৰে বুধবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ লগতে অসমবাসী আৰু পশ্চিম গুৱাহাটীবাসীক ভোটদান কৰাৰ বাবে ধন্যবাদ দিয়ে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ ভোটাৰৰ সঁহাৰিত সন্তুষ্ট বুলি মন্তব্য কৰি এইবাৰ ভোটাৰে নিৰ্বাচনক এক উৎসৱ হিচাপেও আঁকোৱালি লোৱা বুলি মন্তব্য কৰে অগপৰ সম্পাদকগৰাকীয়ে ।
অসমত মিত্ৰজোঁটে পাব 12খন আসন ! - assam news
"প্ৰায় 4 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী কুইন ওজা ৷"
![অসমত মিত্ৰজোঁটে পাব 12খন আসন !](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3095058-thumbnail-3x2-kalita.jpg?imwidth=3840)