ETV Bharat / state

7 মাহৰ অন্তত চিনেমা হল খোলাৰ অনুমতি প্ৰশাসনৰ

7 মাহৰ অন্তত চিনেমা হল খোলাৰ অনুমতি প্ৰশাসনৰ ৷ ৰঙিয়াতো হল খোলাৰ অনুমতি ৷ 50 শতাংশ দৰ্শকৰে হল খোলাৰ অনুমতি ৷

After 7 Months Cinema Hall Reopen In Assam
7 মাহৰ অন্তত চিনেমা হল খোলাৰ অনুমতি প্ৰশাসন
author img

By

Published : Oct 3, 2020, 10:08 PM IST

ৰঙিয়া, 3 অক্টোবৰ : সম্পূৰ্ণ 7 মাহৰ বিৰতিৰ পিছত ৰঙিয়াত চিনেমা হল খোলাৰ প্ৰস্তুতি চলাইছে ৷ 15 অক্টোবৰৰ পৰা ৰঙিয়াৰ চিনেমা হল খোলাৰ প্ৰস্তুতি ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চিনেমা হল খোলাৰ বাবে প্ৰস্তুতি চলাইছে ডিলাইট চিনেমা হলৰ কৰ্তৃপক্ষই । ইতিমধ্যে, চিনেমা হলটো এফালৰ পৰা চাফ-চিকুণ কৰাৰ লগতে ছেনিটাইজ কৰা হৈছে ।

বৰ্তমানৰ পৰা চিনেমা হলটোত দৰ্শকে মাস্ক পিন্ধি অহাটো বাধ্যাতামুলক কৰিছে কৰ্তৃপক্ষই ৷ 50 শতাংশ দৰ্শকহে হ'লত প্ৰৱেশ কৰিব পাৰিব বুলি স্পষ্ট কৰিছে কৰ্তৃপক্ষই ৷

7 মাহৰ অন্তত চিনেমা হল খোলাৰ অনুমতি প্ৰশাসনৰ

লগতে পঢ়ক : প্ৰাপ্যৰ দাবীত নলবাৰীত জনস্বাস্থ্য বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ

উল্লেখ্য যে, মাৰাত্মক কৰ'ণা ভাইৰাছৰ বাবে বিগত 7 মাহে চিনেমা হলটো বন্ধ হৈ থকাত ব্যাপক লোকচানৰ সন্মুখীন হৈছে চিনেমা হলটোৰ কৰ্তৃপক্ষ । চিনেমা হল খোলাৰ নামত লোৱা ঋণ পৰিশোধ কৰিব পৰা নাছিল স্বত্বাধিকাৰীয়ে । চিনেমা হলটোত কাম কৰা কৰ্মচাৰী সকলৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল । অৱশেষত চৰকাৰে চিনেমা হল খুলিবলৈ লোৱা সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে চিনেমা হলটোৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকল ।

লগতে পঢ়ক : সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা ড্ৰাগছ মাফিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.