ETV Bharat / state

ৰঙিয়াৰ তুলসীবাৰী বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

দীৰ্ঘদিন ধৰি অবৈধভাৱে বেদখল কৰি থকা তুলসীবাৰী বজাৰৰ ৩১ খন দোকানত প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction drive at Rangia)৷ মঙলবাৰে প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত জেচিবিৰে অবৈধ দোকান কেইখন বেদখলমুক্ত কৰা হয় ।

author img

By

Published : Apr 26, 2022, 6:40 PM IST

Administration's eviction drive at Tulsibari market at Rangia
ৰঙিয়াৰ তুলসীবাৰী বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান

ৰঙিয়া, 26 এপ্ৰিল : ৰঙিয়াৰ তুলসীবাৰী বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ দীৰ্ঘদিন ধৰি বেদখল কৰি থকা তুলসীবাৰী বজাৰৰ ৩১ খন দোকানত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান (Eviction drive at Tulsibari market)। মঙলবাৰে প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতিত জেচিবি লগাই অবৈধ দোকান কেইখন বেদখলমুক্ত কৰে ।

উল্লেখ্য যে, এসপ্তাহ পূৰ্বে এই দোকানসমূহ খালী কৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা এক জাননী জাৰি কৰা হৈছিল । কিন্তু এই ক্ষেত্ৰত বেদখলকাৰীসকলে কোনো গুৰুত্ব নিদিয়াত মঙলবাৰে প্ৰশাসনে এই অভিযান চলায় । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বেদখল কৰি থকা এই দোকানসমূহ উচ্ছেদ কৰাৰ বাবে আদালতত গোচৰ চলি আছিল ।

এনে সময়তে আদালতৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে মঙলবাৰে এই অভিযান চলায় । তুলসীবাৰী বজাৰ সমিতিয়ে জানিবলৈ দিয়া মতে ২০০৮ চনতে আদালতে এক গোচৰৰ ভিত্তিত এই দোকান সমূহ উচ্ছেদ কৰাৰ নিৰ্দেশনা দিছিল । কিন্তু সেই সময়ত প্ৰশাসনে উচ্ছেদৰ বাবে প্ৰয়োজনীয় ধন নথকাৰ অজুহাত দেখুৱাই উচ্ছেদৰ পৰা বিৰত আছিল । কিন্তু শেহতীয়াকৈ প্ৰশাসনৰ আদালতৰ নিৰ্দেশনা মৰ্মে এই উচ্ছেদ অভিযান চলায় বুলি বজাৰ সমিতিয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Eviction in Biswanath : বিশ্বনাথত প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.