ETV Bharat / state

সাহিত্য চৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ৰঙিয়াৰ মুক্তাকিনুৰ ৰহমান - achievement

এটা কবিতাৰ জৰিয়তে নিজৰ নাম ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ ধুহিৰ মুত্তাকিনুৰ ৰহমান নামৰ যুৱকজনে । আ-কাৰ, ই-কাৰ আৰু যুক্তাক্ষৰ বিহীন কবিতাটো তেওঁৰেই প্ৰথম কবিতাপুঠি 'সপোনৰ লুইত'ত প্ৰকাশ পাইছিল ।

সাহিত্য চৰ্চাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ৰঙিয়াৰ মুক্তাকিনুৰ ৰহমান

author img

By

Published : Dec 3, 2020, 5:49 PM IST

ৰঙিয়া, 3 ডিচেম্বৰ: সাহিত্য চৰ্চাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ লগতে অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে ৰঙিয়াৰ মুত্তাকিনুৰ ৰহমানে । এটা কবিতাৰ জৰিয়তে নিজৰ নাম ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ ধুহিৰ যুৱকজনে । আ-কাৰ, ই-কাৰ আৰু যুক্তাক্ষৰ বিহীন কবিতাটো তেওঁৰেই প্ৰথম কবিতাপুঠি 'সপোনৰ লুইত'ত প্ৰকাশ পাইছিল । কবিতাটোৰ শীৰোনাম হৈছে "ধনবল নহয় মনবলৰ ওপৰত ।"

কবিতাটোৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ সৃষ্টি কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা মুক্তাকিনুৰক ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ কতৃপক্ষই মানপত্ৰ, বঁটা, কলম আৰু পৰিচয় পত্ৰৰে সন্মানিত কৰে । ইতিমধ্যে কবিগৰাকীয়ে তেওঁৰ কবিতা সংকলন ইন্টাৰনেটত মুকলি কৰি দিছে । যুৱ কবিজনৰ এই কৃতিত্বক লৈ সমগ্ৰ ৰঙিয়াত বৈছে আনন্দৰ লহৰ । এই সফলতাৰ পাচতে ধুহি ছাত্র সন্থাই যুৱকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ।

লগতে পঢ়ক: 7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বিদ্যালয়-কলেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.