ETV Bharat / state

খং উঠিছে বিধায়ক দিগন্ত কলিতাৰ...কিন্তু কাৰ ওপৰত ?

author img

By

Published : Nov 9, 2021, 1:00 PM IST

খং উঠিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা(MLA Diganta Kalita)ৰ ৷ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে বিধায়কগৰাকীয়ে ৷ অধিক জানিবলৈ সবিশেষ পঢ়ক...

reaction of mla diganta kalita
বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া

বাইহাটা, 9 নৱেম্বৰ : গ্ৰামাঞ্চলসমূহত ৰূপায়ণ কৰা চৰকাৰৰ এমজিএনৰেগা(MGNREGA) আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ কামত প্ৰায়েই ব্যাপক খেলিমেলি হোৱাৰ বাতৰি প্ৰকাশ পাই আহিছে ৷ এই অনুৰূপ ঘটনা সংঘটিত হৈছে বাইহাটাৰ কমলপুৰ উন্নয়ন খণ্ডত ৷

এচাম পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ ৷ চৰকাৰী পক্ষই খোদ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ ৷ নিৰ্মাণকাৰ্যৰ পৰিদৰ্শন কালতে খঙত অগ্নিশৰ্মা হৈ পৰে বিধায়ক ৷ আৰু লগে লগেই একশ্যন !

ঘটনাৰ বিৱৰণী অনুসৰি, চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা অনুমোদিত প্ৰায় 6 লক্ষাধিক টকা ব্যয় সাপেক্ষে কেন্দুকোণা গাঁও পঞ্চায়তৰ অন্তৰ্গত মৌকুছি গাঁৱত নিৰ্মাণ কৰা হৈছিল এটি নৰ্দমা ৷ কিন্তু বিধায়ক দিগন্ত কলিতা(MLA Diganta Kalita)ই পৰিদৰ্শন কৰাৰ সময়ত নৰ্দমাটোৰ দহ শতাংশ কামো সম্পূৰ্ণ হোৱা নাছিল ৷

বিধায়ক দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া

ইয়াৰ বিপৰীতে পঞ্চায়ত প্ৰতিনিধিয়ে আৱণ্টিত সমুদায় ধন মোকলাই অনাত খৰ্গহস্ত হৈ পৰে বিধায়কগৰাকী । লগে লগে তেওঁ পঞ্চায়তৰ অভিযন্তাসহ নিৰ্মাণ সমিতিৰ সভাপতিৰ বিৰুদ্ধে কমলপুৰ থানা(Kamalpur Police Station)ত গোচৰ ৰুজু কৰে ।

অৱশেষত বিধায়ক দিগন্ত কলিতাৰ নিৰ্দেশত ৰুজু হ’ল গোচৰ । কেন্দুকোণা গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ৰুজু কৰা হ’ল এই গোচৰ । উক্ত গোচৰৰ ভিত্তিত কমলপুৰ আৰক্ষী(Kamalpur Police)য়ে আটক কৰে পঞ্চায়তৰ অভিযন্তা শুভাংকৰ দাস আৰু নিৰ্মাণ সমিতিৰ সভাপতি লক্ষ্যধৰ ডেকাক । দুয়োৰে বিৰুদ্ধে ছয় লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : বিকশিত অসম ! ধুবুৰীৰ জুইশলা কাৰখানা পুনৰুজ্জীৱিতকৰণৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.