গুৱাহাটী,27 মাৰ্চ: অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলত অবড়ো সুৰক্ষা সমিতিৰ উপদেষ্টা ব্ৰজেন মহন্তৰ লগতে দলটোৰ শীৰ্ষ নেতৃবৃন্দৰ উপৰিও বিধানসভা নিৰ্বাচনৰ বাবে বিটিচিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকল উপস্থিত থাকে ৷
সংবাদমেলত উপদেষ্টা ব্ৰজেন মহন্তই কয় যে, বিগত বিটিআৰ নিৰ্বাচনত বিজেপি আৰু ইউপিপিএলে অগণতান্ত্ৰিকভাৱে চৰকাৰ গঠন কৰিছে ৷ বিটিআৰ চুক্তিৰ ৭.২ ধাৰা অনুসৰি অবড়ো সকলক উচ্ছেদ কৰাৰ বাবে ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে ৷ কিন্তু নিৰ্বাচনৰ বাবে এই জাননীত স্থগিতাদেশ দিয়া বুলিও সংবাদমেলত উল্লেখ কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷
উল্লেখ্য যে, চলিত বিধানসভা নিৰ্বাচনত বিটিআৰৰ তিনিটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে ৷ এই সমষ্টি কেইটা হ’ল ৫৮ নং তামুলপুৰত ডিম্বেশ্বৰ ৰাভা, ২৮ নং গোঁসাইগাঁৱত আব্দুল চামাদ চৌধুৰী আৰু ৬৩ নং ছাপাগুৰিত জ্যোতিষ কুমাৰ দাস ৷
লগতে পঢ়ক- বগা বাবাৰ মাঝাৰত আশীষ গ্ৰহণ মুখ্যমন্ত্ৰীৰ