ৰঙিয়া, 5 আগষ্টঃ বুধবাৰে ৰঙিয়াত সদৌ অসম ছাত্ৰ সন্থাই এলানি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় ৷ ৰে’ল বিভাগত নিযুক্তিৰ ক্ষেত্ৰত থলুৱাক বঞ্চিত কাৰৰ অভিযোগ তুলি ৰে’ল বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা প্ৰায় অৰ্ধ শতাধিক আছু কৰ্মীয়ে ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিয়ূষ গোয়েলৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰেল বিভাগ হায় হায়, ৰেলমন্ত্ৰী পীয়ুষ গোৱেল মুৰ্দাবাদ ধ্বনিৰে আছুৰ কৰ্মীৰ আন্দোলনত কঁপি উঠিল ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ চৌহদ ৷
উল্লেখ্য যে, লক ডাউনৰ মাজতে ৰে’ল বিভাগে তৃতীয় বৰ্গত ৰঙিয়া ডিভিজনত 35 গৰাকী আৰু লামডিং ডিভিজনত প্ৰায় ৭০ গৰাকী অনা-অসমীয়া প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বিৰোধিতা কৰি এই কাৰ্যসূচী গ্ৰহণ কৰে ৷
লগতে পঢ়কঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনকলৈ মঙলদৈত যজ্ঞৰ আয়োজন