ETV Bharat / state

থলুৱা নিবনুৱা যুৱক-যুৱতীক কামৰূপ জিলাৰ উদ্যোগত সংস্থাপনৰ দাবী আছুৰ

কামৰূপ জিলাৰ উদ্যোগ সমূহত থলুৱাক নিযুক্তিৰ দাবী আছুৰ ৷ এই সন্দৰ্ভত শুকুৰবাৰে কামৰূপ জিলাৰ উপায়ুক্তক থলুৱাক নিযুক্তিৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে আছুৰ এটা প্ৰতিনিধি দলে ৷

AASU gives MEMORANDUM for employment of indigenus youth
থলুৱা নিবনুৱা যুৱক-যুৱতীক কামৰূপ জিলাৰ উদ্যোগত সংস্থাপনৰ দাবী আছুৰ
author img

By

Published : Sep 3, 2021, 10:29 PM IST

বাইহাটা, 3 ছেপ্টেম্বৰ : কামৰূপ জিলাৰ বিভিন্ন উদ্যোগ, বৃহৎ গুদাম আৰু ব্যাক্তিগত পৰিবহণৰ প্ৰতিষ্ঠান সমূহত ৯০ শতাংশ থলুৱা নিবনুৱা যুৱক-যুৱতী আৰু শ্ৰমিকক নিযুক্তি দিয়াৰ দাবী জনাইছে ছাত্ৰ সন্থাই ৷ এই দাবীত শুকুৰবাৰে কামৰূপ জিলা ছাত্ৰ সন্থা(Kamrup district students' union)ই জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনক প্ৰদান কৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

একাংশ পুজিপতিয়ে থলুৱা নিবনুৱা যুৱক-যুৱতী আৰু শ্ৰমিকক বঞ্চনাৰ অভিযোগ তুলি এইক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰে ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে । স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসে এচাম উদ্যোগপতি তথা গুডামৰ স্বত্বাধিকাৰীয়ে নিবনুৱাক সংস্থাপন দিয়াৰ পৰিৱৰ্তে বহিৰাজ্যৰ লোকক সংস্থাপন দি খিলঞ্জীয়াৰ স্বাৰ্থ বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ তোলে ।

থলুৱা নিবনুৱা যুৱক-যুৱতীক কামৰূপ জিলাৰ উদ্যোগত সংস্থাপনৰ দাবী আছুৰ

এই কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসে থলুৱা নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনৰ পৰা বঞ্চিত হোৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ নেতৃত্বত বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : নদীবান্ধ বিৰোধী আন্দোলনত শ্বহীদ বৰণ কৰিবলৈ সাজু AJYCP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.