ETV Bharat / state

বালিসত্ৰত উদযাপন কৰা হ'ল আৰিয়া সবাহ মহোৎসৱ

author img

By

Published : Jan 24, 2021, 7:59 AM IST

ৰঙিয়াৰ বালিসত্ৰত উদযাপন নামনি অসমৰ অন্যতম ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচী আৰিয়া সবাহ মহোৎসৱ ৷ ৩৫১ বছৰ পুৰণি ধৰ্মীয় পৰম্পৰাৰে লক্ষাধিক ভক্তই ওৰে নিশা আৰিয়া প্ৰজ্বলন কৰি দেশৰ মংগলৰবাবে প্ৰাৰ্থনা কৰে এই সবাহত ৷

বালিসত্ৰত উদযাপন কৰা হ'ল আৰিয়া সবাহ মহোৎসৱ
বালিসত্ৰত উদযাপন কৰা হ'ল আৰিয়া সবাহ মহোৎসৱ

ৰঙিয়া,24 জানুৱাৰী : প্ৰায় ৩৫১ বছৰ পুৰণি ধৰ্মীয় পৰম্পৰাৰে ৰঙিয়াৰ বালিসত্ৰত উদযাপন কৰা হ'ল আৰিয়া সবাহ মহোৎসৱ ৷ নামনি অসমৰ অন্যতম আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান বালিসত্ৰৰ সবাহত লক্ষাধিক ভক্তই ওৰে নিশা আৰিয়া প্ৰজ্বলন কৰি দেশৰ মংগলৰবাবে প্ৰাৰ্থনা কৰে ৷ লোক বিশ্বাস অনুসৰি দিনটো উপবাসে থাকি সন্ধিয়াৰ পৰা ভক্ত সকলে সৰিয়হ, তেল আৰু শংকু আকৃতিৰ শলিতাৰে কলগছৰ ওপৰত চাকি জ্বলাই আৰিয়া প্ৰজ্বলন কৰে ৷

উল্লেখ্য যে, লাখ লাখ ভক্তৰ সমাগম ঘটা বালিসত্ৰৰ সবাহ মহোৎসৱত প্ৰতিবছৰে ভক্তসকলে আৰিয়া প্ৰজ্বলন কৰি আহিছে ৷ আধ্যাত্মিক মনোভাৱেৰে ভক্তপ্ৰাণ লোকসকলে অতি শৃংখলাবদ্ধভাৱে পৰম্পৰাগত নীতি-নিয়মেৰে এই মহোৎসৱটি পালন কৰি অহাৰ লগতে সিধা গ্ৰহণ কৰি আহিছে ৷ অৰ্থাৎ স্থানীয় লোকে উপবাসে থকা ভক্তসকলৰ বাবে নিৰামিষ আহাৰৰ ব্যৱস্থা কৰি আহিছে ৷ প্ৰতিবছৰে সৎসংগী সত্ৰৰ এই ধৰ্মীয় উৎসৱটিয়ে সমগ্র অঞ্চলটোতে এক আনন্দ-মুখৰ পৰিবেশৰ সৃষ্টি কৰি আহিছে ৷

লগতে পঢ়ক: সমগ্ৰ ৰাজ্যই সুঁৱৰিলে নেতাজী সুভাষ চন্দ্ৰ বসুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.