গুৱাহাটী, ১১জুনঃ ছয়গাঁৱৰ আচলপাৰাৰ নৃত্য শিল্পীৰ অপমান কৰাৰ ঘটনাক লৈ সৰৱ হৈ পৰিছে দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন ৷ মঙলবাৰে ছয়গাঁৱৰ গৰৈমাৰীত দক্ষিণ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে গৰৈমাৰীৰ ৰাজপথত এক প্ৰতিবাদী সমদল উলিয়ায় ৷ প্ৰতিবাদীকাৰীসকলে হাতে-হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গান দি চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷ লগতে আমছুৱে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ আমছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ কেইবাটাও সংগঠনৰ সদস্যই অংগ্ৰহণ কৰাৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা বিশিষ্ট ব্যক্তিয়ে ভাগ লয় ৷
উলংগ নৃত্য কাণ্ডঃ গৰৈমাৰীত আমছুৰ প্ৰতিবাদ - Protest
নৃত্য শিল্পীক অপমান কৰা দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী জনায় আমছুৱে ৷ লগতে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ উপৰিও দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীৰে চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।