বকো, 11 জুলাইঃ খেল জগতত সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ বকো সমষ্টিৰ বন্দাপাৰা-খাটাজুলি গাঁৱৰ যুৱক নবীন ৰাভাই ৷ সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰা হিৰ' ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ তৰফৰ পৰা খেলিব বকোৰ যুৱকজনে ৷ আগন্তুক তিনিটা ছীজনৰ বাবে ক্লাৱটোৰ হৈ খেলিবলৈ চুক্তিবদ্ধ হৈছে নবীন ৰাভাক ৷ যিয়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে অসমৰ ফুটবল খেলৰ জগতখনলৈ ৷
2007 চনৰ পৰা খেলুৱৈ গৰাকীয়ে আৰম্ভ কৰিছিল ফুটবল খেলৰ প্ৰশিক্ষণ ৷ তেতিয়াৰ পৰাই আৰম্ভ হয় তেওঁৰ ফুটবল খেলৰ যাত্ৰা ৷ উদ্যমী যুৱক দনৰ মতে, অসমৰ ভিন্ন প্ৰান্তত হয়তো এনে আৰু খেলুৱৈ আছে যিসকলে উচিত সুবিধা পোৱা নাই ৷ সুবিধা পালে নিশ্চয় তেওঁলোকেও নিজকে প্ৰতিপন্ন কৰিব পাৰিব আৰু তেনে সুবিধা ল'বলৈ নিজেও আগবাঢ়ি আহিব লাগিব ৷ শনিবাৰে বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা তথা কংগ্ৰেছ দলৰ সদস্যসকলে উদ্যমী খেলুৱৈ গৰাকীক ফুলাম গামোচা আৰু শৰাই প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰে ৷
লগতে পঢ়কঃ এ টি কে-মোহন বাগান আন্তঃৰাষ্ট্ৰীয় স্তৰৰ : নীতা আম্বানী