ETV Bharat / state

ছ’চিয়েল মিডিয়াত প’ষ্ট দি চাকৰি হেৰুৱালে শিক্ষকে - এটা ছ’চিয়েল মিডিয়া প’ষ্টৰ বাবে চাকৰি হেৰুৱালে শিক্ষকে

ছ'চিয়েল মিডিয়াত প’ষ্ট প্ৰচাৰ কৰি নিলম্বিত হ’ল ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ এগৰাকী শিক্ষক ৷ চৰকাৰ বিৰোধী প’ষ্ট প্ৰচাৰ কৰি এগৰাকী শিক্ষক নিলম্বন হোৱা ঘটনাই সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে ৷

ছ’চিয়েল মিডিয়াত চৰকাৰ বিৰোধী প’ষ্ট প্ৰচাৰ কৰি নিলম্বিত হ’ল শিক্ষক

author img

By

Published : Feb 21, 2020, 5:12 PM IST

কামৰূপ, 21 ফেব্ৰুৱাৰীঃ শিক্ষা বিভাগৰ ৰোষত পৰিল ৰঙিয়াৰ এগৰাকী শিক্ষক ৷ ছ’চিয়েল মিডিয়াত চৰকাৰ বিৰোধী প’ষ্ট প্ৰচাৰ কৰাৰ বাবেই নিলম্বিত হ’ল ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ছৈয়দ আনিছুৰ ৰহমান ৷ ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয় শিক্ষকৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদকো ছৈয়দ আনিছুৰ ৰহমান ৷

ৰাজ্যৰ উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে গণিত বিষয়ৰ শিক্ষকগৰাকীক GB-EST/ALLEGATION/2/2020/7 নম্বৰ পত্ৰ যোগে নিলম্বনৰ নিৰ্দেশনা জাৰি কৰে ৷

চৰকাৰ বিৰোধী প’ষ্ট প্ৰচাৰ কৰি নিলম্বিত হ’ল শিক্ষক

এই নিৰ্দেশনাত উল্লেখিত আছে শিক্ষক আনিছুৰে ছ'চিয়েল মিডিয়াত সমাজ বিৰোধী আৰু আপত্তিজনক ফটো সম্বলিত প’ষ্ট কিছুমান প্ৰচাৰ কৰাৰ কথা । মূলতঃ চৰকাৰ বিৰোধী প’ষ্ট প্ৰচাৰ কৰি এগৰাকী শিক্ষক নিলম্বন হ’বলগীয়া ঘটনা সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে অঞ্চলটোত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.