ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত ছাত্ৰীঃ সাহায্যৰ অনুৰোধ পৰিয়ালৰ - Sadananda Sharma

জটিল ৰোগত আক্ৰান্ত ছয়গাঁৱৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ সাহায্যৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

জটিল ৰোগত আক্ৰান্ত ছাত্ৰীঃ অৰ্থসাহায্যৰ অনুৰোধ পৰিয়ালৰ
author img

By

Published : Aug 20, 2019, 5:57 PM IST

ছয়গাওঁ, 20 আগষ্টঃ দক্ষিণ কামৰূপৰ ছয়গাঁওৰ বামুণীগাঁও শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ সাগৰিকা শৰ্মা নামৰ এগৰাকী ছাত্ৰী যোৱা কেইবামাহো ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে । মস্তিস্কৰ টিউমাৰ ৰোগ ধৰা পৰাত শেহতীয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তিনিবাৰকৈ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে যদিও বিশেষ সফলতা লাভ কৰা নাই চিকিৎসকৰ দলে ৷ সেয়েহে বিগত এমাহ ধৰি গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ক্ষীপ্ৰতাৰে চিকিৎসা চলি আছে ছাত্ৰীগৰাকীৰ ৷ শেহতীয়া চিকিৎসাত পুনৰ এক জটিল অস্ত্ৰোপচাৰৰ কথা উল্লেখ কৰিছে চিকিৎসকৰ দলে ৷ ইতিমধ্যেই ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক তথা সাগৰিকাৰ পিতৃ পেছাত এজন গাড়ী চালক সদানন্দ শৰ্মাই কন্যাৰ চিকিৎসাৰ বাবে নিজৰ সকলো সা-সম্পত্তি বিক্ৰী শেষ কৰিছে। অৰ্থৰ অভাৱত অসহায় অৱস্থাৰ সন্মুখীন হৈছে দৰিদ্ৰ পৰিয়ালটো ৷ সেয়েহে ছাত্ৰীগৰাকীক পুনৰ সুস্থ তথা এক নতুন জীৱন প্ৰদানৰ উদ্দেশ্যৰে গাঁৱৰ ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে দোকানে-পোহাৰে সহায় বিচাৰি ঘূৰি ফুৰিছে ৷ দুৰ্ভগীয়া পৰিয়ালটোক অকণমান সহায় প্ৰদানৰ বাবে চৰকাৰৰ লগতে সাধাৰণ ৰাইজক অনুৰোধ জনাইছে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে। আনহাতে কোনো সদাশয় লোকে বেংক যোগে অৰ্থসাহায্য আগবঢ়াব বিচাৰিলে চেণ্ট্ৰেল বেংকৰ বনগাঁও শাখাত সাগৰিকাৰ পিতৃ সদানন্দ শৰ্মাৰ নামত থকা 3276460575 নং একাউণ্টত জমা দিব পাৰে ।

Intro:জটিল ৰোগত আক্ৰান্ত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক প্ৰয়োজন সহায়ৰ ৷ সহায়ৰ বাবে আহ্বান পৰিয়ালৰ লগতে সচেতন লোকৰ ৷Body:ছয়গাঁও ২০ আগষ্ট ঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ বামুণীগাঁও শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী সাগৰিকা শৰ্মা যোৱা কেবামাহো ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। ব্ৰেইন টিউমাৰ হোৱা বুলি অলপতে গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয় এখনত ৩ বাৰ অপাৰেচন কৰিছে যদিও সফৰ হোৱা নাই। সেয়ে পুনৰ গুৱাহাটী GNRC হস্পিটালত বিগত এমাহ ধৰি চিকিৎসা চলি আছে ছাত্ৰী গৰাকীৰ। চিকিৎসকে জনোৱা মতে পুনৰ এক জটিল অপাৰেচন ৰ প্ৰয়োজন। যিটো অপাৰেচন ত যথেষ্ট টকাৰ প্ৰয়োজন হব। ইতিমধ্যে সাগৰিকাৰ পিতৃ বামুণীগাঁও নিচিমপুৰ গাঁৱৰ গাড়ী চালক সদানন্দ শৰ্মাই কন্যা ৰ চিকিৎসা ৰ বাবে নিজৰ সকলো সম্পত্তি বিক্ৰী শেষ কৰিছে। এতিয়া অসহায় হৈ পৰিছে পৰিয়ালটো। সেয়ে গাঁৱৰ মহিলা সকলে ছাত্ৰী গৰাকী ৰ চিকিৎসাৰ সহায় বিচাৰি ঘূৰি ফুৰিছে দোকানে পোহাৰে। ছাত্ৰী গৰাকীক সহায় কৰাৰ বাবে চৰকাৰৰ লগতে সাধাৰণ ৰাইজক অনুৰোধ জনাইছে। আনহাতে কোনো সদাশয় লোকে বেংক যোগে সহায় কৰিব বিচাৰিলে চেণ্ট্ৰেল বেংকৰ বনগাঁও শাখাত সাগৰিকাৰ পিতৃ সদানন্দ শৰ্মাৰ নামত থকা 3276460575 নং একাউণ্টত জমা দিব পাৰে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.