ETV Bharat / state

ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী ৰঙিয়াৰ ৰূপম বৈশ‍্য

author img

By

Published : Feb 16, 2020, 6:58 PM IST

চাকৰিৰ পিছত দৌৰি সময় অতিবাহিত কৰাতকৈ স্ব-নিয়োজনেৰে আত্মনিৰ্ভৰশীল হ’বলৈ একাংশ যুৱপ্ৰজন্মই চেষ্টা অব্যাহত ৰাখিছে ৷ এনে প্ৰচেষ্টাৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছে ৰঙিয়াৰ যুৱক ৰূপম বৈশ‍্যই । চাৰি বছৰ ব‍্যক্তিগত খণ্ডত চাকৰি কৰাৰ পিছত সঞ্চিত অভিজ্ঞতা আৰু সাঁচতীয়া ধনেৰে যুৱকজনে নিজ গৃহত আৰম্ভ কৰিছে এটা ক্ষুদ্ৰ উদ‍্যোগ ।

a story of self emploied boy of rangia established a small industry
স্বাৱলম্বী যুৱকৰ কাহিনী

ৰঙিয়া,16 ফেব্ৰুৱাৰীঃ বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাধানৰ অন্যতম পথ হৈছে স্ব-নিয়োজন । চাকৰিৰ পিছত দৌৰি সময় অতিবাহিত কৰাতকৈ স্ব-নিয়োজনেৰে আত্মনিৰ্ভৰশীল হ’বলৈ একাংশ যুৱপ্ৰজন্মই চেষ্টা অব্যাহত ৰাখিছে ৷ এনে প্ৰচেষ্টাৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছে ৰঙিয়াৰ যুৱক ৰূপম বৈশ‍্যই । ৰঙিয়াৰ সমীপৰ তাঁতিপাৰাৰ নিবাসী ৰূপম এজন উচ্চ শিক্ষিত যুৱক । চাৰি বছৰ ব‍্যক্তিগত খণ্ডত চাকৰি কৰাৰ পিছত সঞ্চিত অভিজ্ঞতা আৰু সাঁচতীয়া ধনেৰে যুৱকজনে নিজ গৃহত আৰম্ভ কৰিছে এটা ক্ষুদ্ৰ উদ‍্যোগ ।

স্বাৱলম্বী যুৱকৰ কাহিনী

উদ‍্যোগটোৰ জৰিয়তে বিয়া-সবাহত ব‍্যৱহাৰ হোৱা 'ভোজপাত' বা খাদ্য পৰিৱেশনৰ বাবে ব‍্যৱহাৰ হোৱা পৰিৱেশ উপযোগী কাঁহী নিৰ্মাণ কৰে । ৰূপমে দৈনিক প্ৰায় চাৰিশ প্লেট সাজি উলিয়াই বিক্ৰী কৰে ৷ যুৱকজনে মাহেকত প্ৰায় ২৫,০০০ টকা উৎপাদিত সামগ্ৰী বিক্ৰীৰ জৰিয়তে উপাৰ্জন কৰে ৷ উপাৰ্জনক লৈ সুখী হোৱা যুৱকজনে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব পৰাৰ বাবে সুখী বুলি মন্তব্য কৰে ৷ যুৱকজনলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল শুভকামনা ৷

লগতে চাওকঃFILMFARE অনুষ্ঠানত কোনে অপদস্থ কৰিলে সাংসদ বিশ্বজিৎ দৈমাৰীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.