ETV Bharat / state

ৰঙিয়াত বানৰ বাবে পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী

author img

By

Published : Sep 23, 2020, 12:43 PM IST

Updated : Sep 23, 2020, 1:14 PM IST

বৰ্তমানেও আৰম্ভ হোৱা নাই কাউৰবাহা ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া ৷ কিয়নো বগৰিবাৰীৰ মথাউৰি ছিগাৰ ফলত যোৱা ডেৰ মাহে পানীৰ তলত আছে বিদ্যালয়লৈ যোৱা পথটো ৷

পাঠদানৰ পৰা বঞ্চিত হৈ থকা একাংশ শিক্ষাৰ্থী

ৰঙিয়া, 23 ছেপ্তেম্বৰ: সুদীৰ্ঘ ছমাহৰ বিৰতিৰ অন্তত বিগত 21 ছেপ্তেম্বৰৰ পৰা পুনৰ আৰম্ভ হয় ৰাজ্যৰ বিদ্যালয় সমূহ ৷ কিন্তু বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত হৈ আছে ৰঙিয়াৰ একাংশ শিক্ষাৰ্থী ৷ কিয়নো বৰ্তমানেও আৰম্ভ হোৱা নাই কাউৰবাহা ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, বিদ্যালয়লৈ যোৱা পথটোৰে উলুবাৰী, ঢেপাৰ গাঁও আদি বহু অঞ্চলৰ শিক্ষাৰ্থীয়ে অহা-যোৱা কৰে ৷ কিন্তু বগৰিবাৰীৰ মথাউৰি ছিগাৰ ফলত যোৱা ডেৰ মাহে সেই পথটো পানীৰ তলত আছে ৷

আনহাতে সেই অঞ্চলৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত নাই এনড্ৰইড মোবাইল ৷ যাৰ বাবে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বৰ্তমানেও বহু পিছ পৰি আছে ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যনৰত শিক্ষাৰ্থী সকল ৷ সুদীৰ্ঘ ছমাহে বিদ্যালয় বন্ধ থকাৰ পাচত তেওঁলোকে বিদ্যালয়ত সুচাৰুৰূপে পাঠগ্ৰহণ কৰিবলৈ মনত পুহি ৰাখিছিল অদম্য হেঁপাহ ৷ কিন্তু বানৰ বাবে চেঁচা পানী পৰিল তেওঁলোকৰ সেই হেঁপাহতো ৷

লগতে পঢ়ক: আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ ভিন্ন প্ৰান্তত

Last Updated : Sep 23, 2020, 1:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.