ETV Bharat / state

10 বছৰীয়া পুত্ৰৰ আৰোগ্যতাৰ অপেক্ষাত এহাল অসহায় পিতৃ-মাতৃ

author img

By

Published : Sep 4, 2020, 6:33 PM IST

জন্মৰ কিছুদিন পাচৰে পৰাই কোনো জটিল ৰোগত আক্ৰান্ত একমাত্ৰ পুত্ৰক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত বিফল হৈছে এহাল দম্পতী ৷ যাৰ বাবে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে সম্প্ৰতি বিচাৰিছে কাৰোবাৰ অলপ সহায়ৰ হাত ৷

10 বছৰীয়া পুত্ৰৰ আৰোগ্যতাৰ অপেক্ষাত
10 বছৰীয়া পুত্ৰৰ আৰোগ্যতাৰ অপেক্ষাত

ৰঙিয়া, 4 চেপ্তেম্বৰ : জন্ম হোৱাৰ কেইটামান দিনৰ পাচৰ পৰাই কোনো জটিল ৰোগত আক্ৰান্ত হৈ আছে ৰঙিয়াৰ এটি শিশু ৷ পিতাম্বৰ হাটবজালীৰ সাইৰুল আলী আৰু নাৰ্ছিমা আহমেদ নামৰ দম্পতীহালৰ একমাত্ৰ পুত্ৰ, ১০ বছৰীয়া ৰাজীৱ আহমেদে জন্মৰ পাচৰে পৰাই জটিল ৰোগৰ সৈতে কটাইছে দিন ৷ দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দি থকা পিতৃ-মাতৃয়ে শিশুটিৰ চিকিৎসাৰ বাবে বহু চেষ্টা কৰিও সফল হ'ব পৰা নাই ৷

10 বছৰীয়া পুত্ৰৰ আৰোগ্যতাৰ অপেক্ষাত এহাল অসহায় পিতৃ-মাতৃ

শিশুটিৰ চিকিৎসাৰ নামত ইতিমধ্যে দম্পতীহালে খেতিৰ মাটি, হালৰ গৰু, গহনা আদি সকলো বিক্ৰী কৰি শেষ কৰিলে যদিও, আজিলৈ কোনো সুফল নাপালে তেওঁলোকে ৷ পুত্ৰৰ চিকিৎসাৰ নামত সম্প্ৰতি সৰ্বস্বান্ত হৈ পৰা পৰিয়ালটোৱে বিচাৰিছে চৰকাৰৰ সহায়ৰ হাত ৷ কিয়নো উপযুক্ত চিকিৎসাৰ অভাৱত আজিও তেওঁলোকে সুস্থ কৰি তুলিব পৰা নাই নিজৰ একমাত্ৰ সন্তানটিক ৷ পৰিতাপৰ বিষয় যে, চৰকাৰে এনে লোকৰ বাবে বহু ধৰণৰ আঁচনি হাতত লৈছে যদিও, আজিলৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ কোনো সদাশয় লোকে যদি এই অসহায় পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে Central Bank of India ৰঙিয়া শাখাৰ একাউণ্ট নম্বৰ 4043157996ত তেওঁলোকক কিছু আৰ্থিক সহায় প্ৰদান কৰিব পাৰে ৷ নাইবা 76630-49297 নম্বৰত পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰে ৷

লগতে পঢ়ক: কিয় জননী সুৰক্ষা আঁচনিক লৈ সুখী নহয় হিতাধিকাৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.