ETV Bharat / state

চুৰ কৰিবলৈ আহি আটকাধীন ড্ৰাগছ আসক্ত যুৱক - ৰঙিয়া

ৰঙিয়াৰ উদিয়ানাত ৰাইজে কৰায়ত্ব কৰিলে এজন ড্ৰাগছ আসক্ত যুৱকক ৷ স্থানীয় লোকে সদৰী কৰা মতে, যুৱকজনৰ স্বীকাৰোক্তি অনুসৰি ড্ৰাগছ কিনিবলৈ টকা নাছিল বাবে চুৰ কৰিবলৈ আহিছিল । এজন লোকৰ ঘৰ নিৰ্মাণৰ থোৱা লোৰ ৰড চুৰ কৰিবলৈ আহিছিল যুৱকজনে ।

চুৰ কৰিবলৈ আহি আটকাধীন ড্ৰাগছ আসক্ত যুৱক

author img

By

Published : May 21, 2021, 10:26 PM IST

ৰঙিয়া,20 মে': ৰঙিয়াৰ উদিয়ানাত ৰাইজে কৰায়ত্ব কৰিলে এজন ড্ৰাগছ আসক্ত যুৱকক ৷ স্থানীয় লোকে সদৰী কৰা মতে, যুৱকজনৰ স্বীকাৰোক্তি অনুসৰি ড্ৰাগছ কিনিবলৈ টকা নাছিল বাবে চুৰ কৰিবলৈ আহিছিল । এজন লোকৰ ঘৰ নিৰ্মাণৰ থোৱা লোৰ ৰড চুৰ কৰিবলৈ আহিছিল যুৱকজনে । লগত আছিল কেইবাজনো সতীৰ্থ ।

যুৱকজনে সদৰী কৰা মতে শিক্ষানুষ্ঠান চলি থাকোতে মিছা মাতি পঢ়াৰ বাবে খৰচ বিচাৰি ড্ৰাগছ খাবলৈ সময়ে সময়ে মাকৰ পৰা পইছা লৈছিল । কিন্তু পঢ়া শেষ হোৱাৰ পিছত এতিয়া উপায় নোহোৱা হৈছে যুৱকজনৰ । সেয়েহে বন্ধুৰ লগত ওলাই আহিছিল চুৰ কৰিবলৈ ।

ইফালে নিচামুক্ত কেন্দ্ৰত থাকি অহা যুৱকজনে ড্ৰাগছৰ বেহা বন্ধ হ’ব লাগে বুলিও কয় ৰাইজৰ আগত । এনেদৰে হয়তো আৰু বহু যুৱক-যুৱতী সমাজত আছে, যিয়ে ড্ৰাগছৰ বাবে অপৰাধমূলক কাৰ্য কৰিবলৈ ধৰিছে । বহুবাৰ ড্ৰাগছৰ অবৈধ বেহা সম্পৰ্কে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে, যদিও আজিকোপতি এই বেহা চলিয়ে আছে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.