ETV Bharat / state

ৰঙিয়াত উন্মোচন হ'ল ‘সেই অৱলীলা আন্তঃসলিলা’

বিগত বছৰত মহামাৰীৰ কৱলত দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত এখন গ্ৰন্থ লিখি উলিয়ালে লিখক প্ৰবীণ চন্দ্ৰ দাসে ৷ ৰঙিয়াৰ প্ৰেছ ক্লাৱত উন্মোচন কৰা এই গ্ৰন্থ খন দেশ ৰক্ষাৰ স্বাৰ্থত সীমান্তত কৰ্তব্যৰত অৱস্থাত শক্ৰসৈন্য আৰু সন্ত্ৰাসবাদী তথা অনুপ্ৰৱেশকাৰীৰ হাতত আত্মবলিদান দিয়া বীৰপুত্ৰ সকলৰ সোঁৱৰনত অৰ্পণ কৰে ৷

ৰঙিয়াত উন্মোচন হ'ল "সেই অৱলীলা আন্তঃসলিলা"

author img

By

Published : Apr 20, 2021, 2:09 PM IST

ৰঙিয়া,20 এপ্ৰিল: সমগ্ৰ ৰাজ্যতে ক'ৰণাৰ বৰ্ধিত সংক্ৰমণৰ মাজতে ৰঙিয়াত উন্মোচন কৰা হ'ল এখন বিশেষ গ্ৰন্থ ৷ বিগত বছৰত মহামাৰীৰ কবলত দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত এখন গ্ৰন্থ লিখি উলিয়ালে লিখক প্ৰবীণ চন্দ্ৰ দাসে ৷ "সেই অৱলীলা আন্তঃসলিলা" নামৰ গ্ৰন্থখনত চীন দেশৰ পৰা কিদৰে সমগ্ৰ বিশ্বতে কিদৰে ক'ৰণা বিয়পি পৰিল, লকডাউনৰ পৰা কেনেধৰণৰ ক্ষতি হৈছিল, এই মহামাৰীৰ পৰা কিদৰে বাছি থাকিব পাৰিব আদি বিষয়বস্তু সন্নিৱিষ্ট কৰি লিখি উলিয়ালে গ্ৰন্থখন ৷

ৰঙিয়াত উন্মোচন হ'ল
ৰঙিয়াত উন্মোচন হ'ল "সেই অৱলীলা আন্তঃসলিলা"

ৰঙিয়াৰ প্ৰেছ ক্লাৱত উন্মোচন কৰা এই গ্ৰন্থ খন দেশ ৰক্ষাৰ স্বাৰ্থত সীমান্তত কৰ্তব্যৰত অৱস্থাত শক্ৰসৈন্য আৰু সন্ত্ৰাসবাদী তথা অনুপ্ৰৱেশকাৰীৰ হাতত আত্মবলিদান দিয়া বীৰপুত্ৰ সকলৰ সোঁৱৰনত অৰ্পন কৰে ৷ গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট শিক্ষাবিদ ড° উমেশ ডেকাৰ লগতে সাংবাদিক তথা গৰীয়সীৰ সহ:সম্পাদক অংকুৰ ডেকা উপস্থিত থাকে ৷ উন্মোচনী সভাখনত বিশিষ্ট ব্যক্তি দুগৰাকীৰ লগতে ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী পবিত্ৰ কলিতাই ভাষণ প্ৰদান কৰে ৷

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.