ETV Bharat / state

কমলপুৰত অংগনবাদী কৰ্মীৰ আত্মহত্যাঃ উদ্ধাৰ ছুইচাইড নোট

এখন ৰাজহুৱা সভাত কামত অনিয়ম কৰাৰ অপবাদ প্ৰদান কৰাৰ বাবেই মানসিক ভাৰসাম্যতা হেৰুৱাই, আত্মহত্যাৰ পথ বাছি লয় কমলপুৰৰ এগৰাকী অংগনবাদী কৰ্মীয়ে ৷ আত্মহত্যাৰ পূৰ্বে মহিলা গৰাকীয়ে লিখি থৈ যোৱা ছুইচাইড নোট উদ্ধাৰ ৷

a anganbadi worker suicide in baihata
a anganbadi worker suicide in baihata
author img

By

Published : Jun 24, 2020, 2:24 PM IST

Updated : Jun 24, 2020, 3:30 PM IST

বাইহাটা, 24 জুনঃ বাইহাটা চাৰিআলিৰ অন্তৰ্গত কমলপুৰত আত্মহত্যা এগৰাকী অংগনবাদী কৰ্মীৰ ৷ উদ্ধাৰ হৈছে আত্মহত্যা কৰা মহিলা গৰাকীয়ে লিখি থৈ যোৱা এখন ছুইচাইড নোট ৷ য'ত স্পষ্টভাৱে উল্লেখ আছে কেইগৰাকীমান লোকৰ বিৰুদ্ধে কৰা অভিযোগ ৷ নোটখনত উল্লেখ থকাৰ লগতে পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, ভিন্ন সময়ত মানসিকভাৱে তেওঁ নিৰ্যাতনৰ বলি হৈ আছিল সেই লোককেইজনৰ পৰা ৷ যাৰ বাবে কিৰণ শালৈ নামৰ অংগনবাদী কৰ্মী গৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হয় ৷

উদ্ধাৰ ছুইচাইড নোট
উদ্ধাৰ ছুইচাইড নোট

মহিলাগৰাকীৰ স্বামীয়ে উল্লেখ কৰা অনুসৰি, কেইগৰাকীমান লোকে মহিলাগাকীয়ে কামত অনিয়ম কৰা বুলি অপবাদ দিছিল এখন ৰাজহুৱা সভাত ৷ কিন্তু নিজৰ পক্ষত কোনো কথা ক'বলৈ সুবিধা নিদিয়াৰ বাবে কিৰণ শালৈ নামৰ মহিলা গৰাকীয়ে মানসিক ভাৰসাম্যতা হেৰুৱাই এনে পথ বাছি লয় ৷ দুটাকৈ সন্তান থকা মহিলা গৰাকীৰ মৃত্যুত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে তেওঁৰ স্বামীৰ লগতে পৰিয়ালটোৱে ৷ সমগ্ৰ বিষয়ত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে ৷

কমলপুৰত অংগনবাদী কৰ্মীৰ আত্মহত্যা

লগতে পঢ়কঃ বিতৰ্কৰ আৱৰ্তত হেৰিটেজ জয়সাগৰ

Last Updated : Jun 24, 2020, 3:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.