ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল‘ব 9 গৰাকী অসমীয়াই

author img

By

Published : Nov 29, 2019, 8:51 AM IST

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ 9 গৰাকীকৈ সন্তানে ৷ ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেচন চমুকৈ WBBF য়ে থাইলেণ্ডত অনুষ্ঠিত কৰা ‘‘মিষ্টাৰ ইউনিভাৰ্ছ’’ প্ৰতিযোগিতা অংশ ল’ব অসমৰ শৰীৰচৰ্চাবিদ কেইগৰাকীয়ে ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল‘ব 9 গৰাকী অসমীয়াই
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল‘ব 9 গৰাকী অসমীয়াই

স্পৰ্টছ ডেস্ক, 29 নৱেম্বৰ: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজলাবলৈ ৰাওনা অসমৰ 9 গৰাকী শৰীৰচৰ্চাবিদ । অহা 30 নৱেম্বৰৰ পৰা থাইলেণ্ডত ৱৰ্ল্ড বডী বিল্ডিং ফেডাৰেচন চমুকৈ WBBF য়ে অনুষ্ঠিত কৰা ‘‘মিষ্টাৰ ইউনিভাৰ্ছ’’ প্ৰতিযোগিতাত অংশ ল’ব অসমৰ 9 গৰাকী শৰীৰচৰ্চাবিদে ।

ইতিমধ্যে এই প্ৰতিযোগিতাৰ বাবে অসমৰ পৰা 15 জনীয়া দল এটাই বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা থাইলেণ্ড অভিমুখে ৰাওনা হয় । য’ত দলটোৰ মুঠ 9 গৰাকীকৈ শৰীৰচৰ্চাবিদে অংশ ল'ব এই প্ৰতিযোগীতাত । ইয়াৰ ভিতৰত আছে ক্ৰমে দীপ জ্যোতি বড়ো, অম্লান জ্যোতি ৰাভা, বিজুৰাম বড়ো, অতনু বৰুৱা, ভাস্কৰ জ্যোতি বৰুৱা, মনজিৎ পাল, প্ৰসেনজিৎ কৰ্মকাৰ, মৃণাল ঠাকুৰীয়া আৰু ৰাহুল কলিতা ৷ দলটোৰ তত্ত্বাৱধানত থাকিব ফেডাৰেচনৰ অসম শাখাৰ সদস্য ।

ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ 9 গৰাকীকৈ অসম সন্তানে

বৰঝাৰ বিমানবন্দৰৰ পৰা দলটো ৰাওনা হোৱাৰ সময়ত বিভিন্ন দল- সংগঠনে সম্বৰ্ধনা জনাই শুভেচ্চা জ্ঞাপন কৰে । আশা কৰা হৈছে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ লগতে অসমৰ বিজয়ধব্বজা উজলাবলৈ সক্ষম হ’ব এই কেইগৰাকী অসম সন্তানে ।

লগতে চাওক- গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ ‘‘খেল’ ইণ্ডিয়া 2020’’

Intro:আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজ্বলাবলৈ ৰাওনা অসমৰ ৯ জন শৰীৰচৰ্চাবিদ ।Body:Ocvo...আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ নাম উজ্বলাবলৈ ৰাওনা অসমৰ ৯ জন শৰীৰচৰ্চাবিদ । ৱৰ্ল্ড বডী বিল্ডিং ফেদাৰেচন চমুকৈ WBBFয়ে অহা ৩০ নৱেম্বৰৰ পৰা থাইলেণ্ডত অনুস্থিত কৰিব Mr Universe প্ৰতিযোগিতা । এই প্ৰতিযোগীতাত অংশগ্ৰহন কৰিবলৈ অসমৰ এটি ১৫ জনীয়া দলে আজি বৰঝাৰ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা থাইলেণ্ড অভিমুখে ৰাওনা হয় । দলটোৰ মুঠ ৯ জন শৰীৰচৰ্চাবিদে অংশ ল'ব এই প্ৰতিযোগীতাত । শৰীৰচৰ্চাবিদসকল হৈছে ক্ৰমে দীপ জ্যোতি বড়ো,অম্লান জ্যোতি ৰাভা,বিজুৰাম বড়ো,অতনু বৰুৱা,ভাস্কৰ জ্যোতি বৰুৱা,মনজিত পাল,প্ৰসেনজিত কৰ্মকাৰ ,মৃণাল ঠাকুৰীয়া আৰু ৰাহুল কলিতা ৷ দলটোৰ তত্ত্বাৱধানত থাকিব ফেদাৰেচনৰ অসম শাখাৰ লোক । আজি বৰঝাৰ বিমানবন্দৰৰ পৰা দলটো ৰাওনা হোৱাৰ আগমুহুৰ্তত বিভিন্ন দল- সংগঠনে সম্বৰ্ধনা জনাই শুভেচ্চা জ্ঞাপন কৰে । বিমানবন্দৰৰ পৰা ৰাওনা হোৱাৰ সময়ত সমুহ অসমবাসীৰ পৰা আশীবাৰ্দ বিচাৰে ।

Bite1 &2..প্ৰতিযোগী আৰু তত্বাবধায়ক ।
Conclusion:আমিও আশা কৰিলো আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ অসমৰ বিজয়ধব্বজা উজ্বলাওক এইকেইগৰাকী অসম সন্তানে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.