ETV Bharat / state

বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰৰ অভিযানত জব্দ ৮ খন বালিভৰ্তি ট্ৰাক - 8 truck seized by Bamunigaon Rnger from singimari of Chaigaon

বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত আৰু শিংৰা ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া অনন্ত কলিতাৰ লগতে কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ সহযোগত চলা অভিযানত জব্দ হয় অবৈধ বালি ভৰ্তি ট্ৰাককেইখন ৷

8 truck seized by Bamunigaon Rnger from singimari of Chaigaon
বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰৰ অভিযানত জব্দ ৮ খন বালিভৰ্তি ট্ৰাক
author img

By

Published : Sep 11, 2020, 11:56 AM IST

ছয়গাঁও, 11 ছেপ্তম্বৰ: অবৈধ শিল-বালি কঢ়িওৱা ট্ৰাকৰ বিৰুদ্ধে বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ বন সুৰক্ষা বাহিনীৰ অভিযান ৷ অভিযানত বিহাপাৰা শিঙিমাৰীৰ পৰা 2 খন অবৈধ বালি ভৰ্তি ডাম্পাৰ আৰু 3 খন অবৈধ বালিভৰ্তি ট্ৰাক সহ মুঠ 5 খন অবৈধ বালি ভৰ্তি বাহন জব্দ কৰে বন বিভাগে ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ছয়গাঁৱৰ বিহাপাৰা শিঙিমাৰীত কলহী নৈৰ পৰা একাংশ অসাধু লোকে অবৈধভাৱে বালি উঠাই সৰবৰাহ কৰি আহিছিল ৷ বুধবাৰে নিশা বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰ লক্ষেশ্বৰ দাসৰ নেতৃত্বত আৰু শিংৰা ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া অনন্ত কলিতাৰ লগতে কুকুৰমাৰা খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ সহযোগত চলা অভিযানত জব্দ হয় অবৈধ বালি ভৰ্তি ট্ৰাককেইখন ৷

8 truck seized by Bamunigaon Rnger from singimari of Chaigaon
বামুণীগাঁও সুৰক্ষা ৰেঞ্জাৰৰ অভিযানত জব্দ ৮ খন বালিভৰ্তি ট্ৰাক

আনহাতে মঙলবাৰে নিশাও বন সুৰক্ষা বিষয়াৰ নেতৃত্বত বামুণীগাঁৱৰ পৰা জব্দ হয় তিনিখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক ৷ অৰ্থাৎ মঙল আৰু বুধবাৰৰ দিন দুটাত বন বিভাগৰ অভিযানত জব্দ হয় মুঠ 8 খনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক ৷ উল্লেখযোগ্য যে, ছয়গাঁও আৰু গৰৈমাৰী অঞ্চলৰ শিঙিমাৰী,বিহাপাৰা,চাম্পুপাৰা আদি অঞ্চলত কলহী নৈৰ পৰা একাংশ লোকে অবৈধভাৱে বালি উঠাই নিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ কিন্তু অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা এই অবৈধ বালিৰ বেহা বন্ধ কৰিবলৈ বন বিভাগ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীৰ সৈতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.