ETV Bharat / state

7th International Open KARATE tournament : ৰঙিয়ালৈ গৌৰৱ কঢ়িয়ালে 26 গৰাকী খেলুৱৈয়ে

author img

By

Published : Aug 2, 2023, 9:15 AM IST

ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে 26 গৰাকী খেলুৱৈয়ে ৷ সপ্তম আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক মুকলি কাৰাটে প্ৰতিযোগিতাত উজ্বলিল 26 গৰাকী অসমৰ খেলুৱৈ ৷ ২৯ আৰু ৩০ জুলাইত কলকাতাৰ নেতাজী ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷

7th International Open KARATE tournament
ৰঙিয়ালৈ গৌৰৱ কঢ়িয়ালে 26 গৰাকী খেলুৱৈয়ে

ৰঙিয়া,02 আগষ্ট: ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে 26 গৰাকী খেলুৱৈয়ে ৷ কলকাতাৰ নেতাজী ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সপ্তম আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক মুকলি কাৰাটে প্ৰতিযোগিতাত উজ্বলিল 26 গৰাকীকৈ অসমৰ খেলুৱৈ ৷ ২৯ আৰু ৩০ জুলাইত অনুষ্ঠিত প্ৰতিযোগিতাত ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰা ২৮‌ জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল ৷ 28 গৰাকী খেলুৱৈৰ ভিতৰত 26 গৰাকী খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে সপ্তম আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক মুকলি কাৰাটে প্ৰতিযোগিতাত চৌদি আৰব, নেপাল, ভূটান, শ্ৰী লংকা, ছিংগাপুৰ, বাংলাদেশকে আদি কৰি বাৰখন দেশৰ ৫,২৯০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ ইফালে ৰঙিয়া জিলা কাৰাটে সন্থাৰ দলটোৰ ২৬ গৰাকী খেলুৱৈয়ে বিভিন্ন শাখাত পদক লাভ কৰিবলৈ সক্ষম হয় ।

প্ৰতিযোগিতাখনত সফলতা লাভ কৰাৰ পিচত বিজয়ী দলটোৰ কেইগৰাকীমান খেলুৱৈ কামৰূপ এক্সপ্ৰেছ যোগে বুধবাৰে ৰঙিয়াত উপস্থিত হয় । ৰঙিয়া ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ পিচতে বিজয়ী দলটোক ৰঙিয়া জিলা কাৰাটে সন্থাই উষ্ম আদৰণি জনায় ।

আনহাতে প্ৰতিযোগিতাখনত জান্‌বি হুছেইন শইকীয়াই দুটা, ৰিতুৰাজ ডেকাই দুটা, বিবেক জ্যোতি বৈশ্যই এটা, মধুৰ্যই দুটা, মাৰ্জিয়া তামান্নাই এটা, কৃশানু দাসে এটা, আনুৰাগ লহকৰে এটা, অংকিতাই এটা, ৰিমলিয়ে এটা, নয়নজ‍্যোতি মেচে এটা, সুমনে এটা, দিক্ষাই দুটা আৰু বিদিতে দুটাকৈ সোণৰ পদক অৰ্জন কৰে । লগতে চায়েষ্টা তামান্ন, ধীৰ কাস্যপ, হৰ্শিতা আৰু গিতাৰ্থই এটা সোন আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

ইফালে ৰিহান ওবেদুল্লাই এটা, নৱজ্যোতি মেচে এটা, প্ৰচুৰ্জ্য়ই দুটা আৰু কৃতাৰ্থই এটা ৰূপৰ পদক লাভ কৰে । জিন্টি ভূঞাই দুটা, মাৰ্চিহা কাঞ্জই এটা, আব্দুল বাচেতে এটা, সুৰজে এটা আৰু নিলভে এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:Bhabesh Kalita Controversy: "চোৰেহে চোৰৰ ঠেং দেখে..." কংগ্ৰেছক তুলাধুনা ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.