ETV Bharat / state

একে ৰাতিতে বকো - ছয়গাঁৱৰ 40 হাজাৰ লোক উজনিলৈ - নামনি

ক্ষোভ আৰু হতাশাত ইছলাম ধৰ্মাৱলম্বী লোক ৷ চল্লিছ হাজাৰ লোকক নিশাৰ ভিতৰতে প্ৰেৰণ কৰে জাননী ৷ নামনি অসমৰ বহু লোকক উজনিৰ এন আৰ চি কেন্দ্ৰত হাজিৰ হোৱাৰ নিৰ্দেশ

একে ৰাতিতে বকো - ছয়গাঁৱৰ 40 হাজাৰ লোক উজনিলৈ
author img

By

Published : Aug 5, 2019, 11:40 PM IST

বকো, 5 আগষ্ট : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে মাত্ৰ কেইটামান দিন বাকী ৷ ইয়াৰ পূৰ্বে বৰ্তমান সমগ্ৰ ৰাজ্যতে চলি আছে পুনৰীক্ষণ প্ৰক্ৰিয়া ৷ কিন্তু পুনৰীক্ষণৰ নামত প্ৰেৰণ কৰা লাখ লাখ জাননীয়ে সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ নামনি অসমৰ বহু লোকক ৫০০পৰা ৬০০ কিলোমিটাৰ দূৰত্বৰ উজনি অসমৰ বিভিন্ন জিলাত পুণৰীক্ষণত অৱতীৰ্ণ হবলৈ জাননী লাভ কৰাৰ লগে লগে ক্ষোভ আৰু হতাশাত ফাটি পৰে মুছলমান লোকসকল ৷ পুনৰীক্ষণৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ এইসকল লোকৰ ৷ মাত্ৰ এদিনৰ আগতে, বকো আৰু ছয়গাঁও সমষ্টিৰ মছুলমান অধ্যুষিত ছমৰীয়া আৰু গৰৈমাৰী ৰাজহ চক্ৰ এলেকাৰ প্ৰায় চল্লিছ হাজাৰ লোকক নিশাৰ ভিতৰতে জাননী প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে লোকসকলে ৷ বহু লোকে উজনিৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিতাবৰ আদি জিলাৰ বিভিন্ন শুনানি কেন্দ্ৰত পুনৰীক্ষণৰ বাবে হাজিৰ হবলগীয়া হয় ৷ কম দামতে মাটি বন্ধকত থৈ, সোনৰ আ- অলংকাৰ, গৰু-ছাগলী আদি বিক্ৰী কৰি এন আৰ চিৰ পুনৰীক্ষণৰ বাবে উপস্থিত হোৱা বুলি জনায় একাংশ লোকে ৷

Intro:Body:শেহতীয়াভাৱে অৱত্তীৰ্ণ হ'বলগীয়া এক এন আৰ চিৰ অগ্নিপৰীক্ষাৰ জাননীয়ে সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যেই ৮/১০ বাৰকৈ বিভিন্ন শুনানী কেন্দ্ৰত শুনানীত অৱতীৰ্ন হোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ নামনি অসমৰ মছুলমান অধ্যুষিত লোক সকললৈ ভুতৰ উপৰত ধানৱ পৰা দি এন আৰ ছি কৰ্তৃপক্ষই শেষতীয়া বাবে আকৌ পুনৰীক্ষনৰ নামত প্ৰেৰণ কৰা লাখ লাখ জাননীয়ে সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশনাক আওকাণ কৰি নামনি অসৰ অধিক সংখ্যক লোককে ৫০০পৰা ৬০০ কিলোমিটাৰ দূৰত্বৰ উজনী অসমৰ বিভিন্ন জিলাত পূৰৰীক্ষণত অৱতীৰ্ণ হবলৈ নিৰ্দেশনা দিয়া জাননী লাভ কৰাৰ লগে লগে ক্ষোভ হতাশাত ফাটি পৰে ইয়াৰ মছুলমান লোক সকল ৷ এন আৰ ছি কৰ্তৃপক্ষৰ এই চৰম ভণ্ডামীমূলক কাৰ্যত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হয় ৷ লক্ষনীয় আজিৰ শুনানীৰ বাবে জাননী অসমৰ বিভিন্ন জিলাত পুনৰীক্ষনৰ শুনানীত হাজিৰ হবলগীয়া লোক সকলেও জাননী লাভ কৰে ৪ আগষ্টত ৷ আনহাতে একাংণ শুনানীৰ জাননী স্বাক্ষৰ ও চিল মহৰ অভিহনে প্ৰেৰন কৰা হৈছ ৷ প্ৰাপ্ত তথ্য মতে, বকো আৰু ছয়গাঁও সমষ্ঠিৰ মছুলমান অধ্যুষিত ছমৰীয়া আৰু গৰৈমাৰী ৰাজহ চক্ৰ এলেকাৰ প্ৰায় চল্লিচ হাজাৰ লোকক নিশাৰ ভিতৰতে জাননী প্ৰেৰণ কৰে ৷ এই জাননী লাভ কৰি এলেকাটোৰ বান বিধ্বস্ত হৈ অধ্যুষি মাথাউৰি ও আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহন কৰা লোককে ধৰি ইয়াৰ সৰ্বসাধাৰণ ৰাইজৰ অনাকাংশিত ও অবৰ্ননীয় প্ৰতিছবি বিৰাজ কৰা পৰিলক্ষিত হয় ৷ সন্মুখত মাত্ৰ নিশাটো পিছদিনাই পুবা ৯ বজাত উজনিৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, তিতাবৰ আদি জিলাৰ বিভিন্ন শুনানী কেন্দ্ৰত পুনৰীক্ষণৰ বাবে হাজিৰ হবলগীয়া বিষয়টোৱে ইয়াৰ লোকসকলক অতিকে হতাশগ্ৰস্থ কৰি তোলে ৷ এনে এক অৱৰ্ণীয় পৰিস্থিতিৰ মাজতে বানবিধ্বস্থ বকোৰ ছমৰীয়া আৰু ছয়গাঁৱৰ গৰৈমাৰী ৰাজহ চক্ৰৰ এলেকাধীন শুনানীৰ জাননী লাভ কৰা লোকসকলে বিয়লিৰ ভিতৰত শিশুৰ পৰা বৃদ্ধ- বৃদ্ধালৈকে পৰিয়ালৰ সকলো সদস্য আৰু প্ৰয়োজনীয় নথি পত্ৰ লগতলৈ উজনীৰ বিভিন্ন শুনানী কেন্দ্ৰত পুণৰীক্ষণৰ বাবে অৱত্তীৰ্ণ হ'বলৈ প্ৰস্তুতি সম্পন্ন কৰি তোলে ৷ এন আৰ চিৰ নামত অঞ্চলটোলৈ যেন এক প্ৰলয় নামি আহিছে তাৰ বাবে কোনেও নিজৰ মূল্যৱান সামগ্ৰীৰ ফালে লক্ষ নকৰি কম দামতে মাটি বন্দকত থৈ, সোনৰ আ- অলংকাৰ,গৰু-ছাগলী আদি বিক্ৰী কৰি এন আৰ চিৰ এই অগ্নিপৰীক্ষাৰ বাবে দৰিদ্ৰ লোকসকলেও ৩০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৫০ হাজাৰ টকালৈ বাছ ভাড়া কৰি কালি সন্ধিয়াৰ পৰা ঢাপলি মেলা আৰম্ভ কৰে ৷ নিশা দুই বজালৈকে অঞ্চলটোৰ পৰা সৰু বৰ প্ৰায় পাঁচ শতাধিক গাড়ী উজনিলৈ যাত্ৰা অব্যাহত থাকে৷ মন কৰিব লগীয়া উজনিৰ এই পুণৰীক্ষনত অৱত্তীৰ্ণ হ'বলৈ যোৱা লোকসকলৰ ভিতৰত কোনো দিনে পাঁচ ঘন্টা সময় বাছত যাত্ৰা কৰি নোপোৱা শিশুৰ পৰা আৰম্ভ কৰি একশ বছৰৰ ওপৰৰ বৃদ্ধ-বৃদ্ধা, বেমাৰী, গৰ্ভৱতী মহিলা আছে ৷ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.