কামৰূপ,23মাৰ্চঃ বিমানসেৱাত কৰ'ণাৰ প্ৰভাৱ ৷ সোমবাৰে বাতিল হ'ল বৰঝাৰ বিমানবন্দৰৰ প্ৰায় ৩০ খন বিমান । মহামাৰী কৰ'ণাৰ ফলত কমি গৈছে যাত্ৰীৰ সংখ্যা । সতৰ্কতা অৱলম্বন কৰিছে বিমানসেৱা প্ৰতিষ্ঠান সমূহে । কৰ'ণাৰ বাবেই সোমবাৰে বাতিল হ'ল ৩০ খন বিমানৰ উৰণ-অৱতৰণ । কৰ'ণাৰ প্ৰভাৱৰ ফলতে লোৱা হৈছে এই বিশেষ সিদ্ধান্ত । ইয়াৰে ১৪ খন আছিল অৱতৰণ আৰু ১৬ উৰণ বিমান । কলিকতা, মুম্বাই, ভূটান, জয়পুৰ, শিলিগুৰী, ডিব্ৰুগড়, আইজল, দিল্লী, চেন্নাইলৈ উৰণ-অৱতৰণ কৰা কেইবাখনো বিমান বাতিল কৰা হৈছে ।
বাতিল কৰা হৈছে Indigoৰ 6E0119, 6E0112, 6E0731 বিমান । বাতিল কৰা হৈছে Spicejetৰ SG6480, SG6481, SG0341, SG0346, SG3319, SG3320, SG0345, SG3347, SG8169, SG0342, SG3348, SG8152 বিমানকেইখ । বাতিল কৰা হৈছে GOAirৰ G80294, G80296, G80532, G80546, G80297, G80298, G80851, G80257 নম্বৰৰ বিমানকেইখন । Vistaraৰ UK0271, UK0272 বিমানকেইখন বাতিল কৰা হৈছে । আনহাতে Druk Airৰ আন্তৰাষ্ট্ৰীয় বিমানো ২৯মাৰ্চলৈ বন্ধ কৰি দিয়া হৈছে ।
লগতে পঢ়কঃভগত সিং, সুখ দেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহ, ৰাহুল গান্ধীৰ