ETV Bharat / state

ছয়গাঁৱত আৰক্ষীৰ জালত 3 গভাইত বাইক চোৰ - ছয়গাঁও

ছয়গাঁও আৰক্ষীয়ে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত ছয়গাঁৱৰ চণ্ডিকাৰ ওচৰত আৰক্ষীয়ে অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত পুৱা ৫ বজাত চোৰাং মটৰ চাইকেল সহ তিনিজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ৷

ETV BHARAT
ছয়গাঁৱত আৰক্ষীৰ জালত 3 গভাইত বাইক চোৰ
author img

By

Published : May 15, 2020, 3:29 PM IST

ছয়গাঁও, 15 মেঃ ছয়গাঁও আৰক্ষীৰ জালত পৰে 3 গভাইত বাইক চোৰ ৷ ছয়গাঁও অভিমুখে আহি থকা অৱস্থাতেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ কেইটাক ৷

ছয়গাঁৱত আৰক্ষীৰ জালত 3 গভাইত বাইক চোৰ

লক ডাউনৰ সময়তে শুকুৰবাৰে পুৱা ছয়গাঁও আৰক্ষীয়ে তিনিখন মটৰচাইকেলসহ তিনিজন চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ছয়গাঁও আৰক্ষীয়ে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত ছয়গাঁৱৰ চণ্ডিকাৰ ওচৰত আৰক্ষীয়ে অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত পুৱা ৫ বজাত চোৰাং মটৰ চাইকেল সহ তিনিজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ৷চোৰ কেইটাই গুৱাহাটীৰ ছয়গাঁও অভিমুখে আহি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ কেইজন হ’ল বৰপেটা শান্তিবজাৰৰ মুক্তাৰ আলী,ছয়গাঁৱৰ কালাতলী পথাৰৰ জেল হক আৰু উক্ত গাঁৱৰে জাবেদ খান বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে, চোৰ কেইজনৰ ভায্যৰ পিচত আৰক্ষীয়ে ছয়গাঁৱৰ বিভিন্ন অঞ্চলত অভিযান চলাই উদমূৰি গাঁৱৰ পৰা আৰু এখন মটৰ চাইকেল উদ্ধাৰ কৰে ৷ অৱশ্যে আন কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ জব্দকৃত মটৰচাইকেল কেইখনৰ নম্বৰ হ’ল AS 01 DB 6067,AS 01 BW 7496 আৰু AS 01 R 9883 ৷ এই গাড়ী চোৰ চক্ৰটোৰ লগত অন্য কোনো লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ আনহাতে গুৱাহাটী অঞ্চলৰ পৰা চোৰ কৰি অনা মটৰ চাইকেল কেইখন ব্ৰহ্মপুত্ৰৰে চৰাঞ্চলৰ লগতে বৰপেটাৰ বিভিন্ন অঞ্চললৈ চালান দিয়ে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- লক ডাউন : ছয়গাঁৱত অবৈধ গৰু সৰবৰাহকাৰী বাহন জব্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.