ETV Bharat / state

শিশু শ্ৰমিক বিহীন পৃথিৱীৰ লক্ষ্যৰে ‘International Year for the Elimination of Child Labour’ - শ্ৰম আয়োগ

2021 চনটো ‘International Year for the Elimination of Child Labour’ হিচাপে ঘোষণা ৷ 2025 চনলৈ সমগ্ৰ বিশ্বতে শিশু শ্ৰমিক নিৰ্মূল কৰাটো স্থিৰ কৰা হৈছে ৷ শিশুৰ ওপৰত নিৰ্যাতন, কৰ্মত নিয়োগ ইত্যাদি বন্ধ কৰাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ সংকল্প লোৱা হৈছে ইয়াৰ জৰিয়তে ৷

শিশু শ্ৰমিক বিহীন পৃথিৱীৰ লক্ষ্যৰে ‘International Year for the Elimination of Child Labour’
author img

By

Published : Jul 27, 2019, 3:10 PM IST

নিউজ ডেস্ক : এখন পৃথিৱী, য’ত শিশুৱে ওমলিব, সমনীয়াৰ সৈতে দৌৰিব-নাচিব ৷ পঢ়ি-শুনি অতিবাহিত কৰিব নিজৰ সোণালী শৈশৱ ৷ কিন্তু সকলো শিশুৰ বাবেই হয়তো এইবোৰ সম্ভৱপৰ নহয় ৷ পখিলা খেদা বয়সত কাৰোবাৰ ঘৰত বা কোনো হোটেলত নাইবা কোনো প্ৰতিষ্ঠানত বনকৰা শিশু হিচাপে নিয়োজিত হৈ থকা দৃশ্যও আমি দেখা পাও ৷ আইনীভাৱে শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰাটো নিষিদ্ধ যদিও বিভিন্ন কাৰণত ইয়াক সম্পূৰ্ণভাৱে নিৰ্মূল কৰাটো কাৰ্যত সম্ভৱপৰ নহয়গৈ ৷ তাৰ বাবেও সমাজৰ বিভিন্ন দিশৰ উপৰিও প্ৰধানতঃ জড়িত হৈ আছে আৰ্থিক দিশটো ৷

এই বিভিন্ন দিশবোৰ সামৰি ৰাষ্ট্ৰসংঘই 2021 চনটো ‘International Year for the Elimination of Child Labour’ হিচাপে ঘোষণা কৰিছে ৷ অৰ্থাৎ আন্তৰাষ্ট্ৰীয় শিশু শ্ৰমিকবিহীন বৰ্ষ ৷ ইয়াৰ জৰিয়তে 2025 চনলৈ সমগ্ৰ বিশ্বতে শিশু শ্ৰমিক নিৰ্মূল কৰাটো স্থিৰ কৰা হৈছে ৷ আৰু ইয়াক কাৰ্যকৰী কৰাৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে আন্তৰাষ্ট্ৰীয় শ্ৰম আয়োগক ( International Labour Organisation ) ৷ শিশুৰ ওপৰত নিৰ্যাতন, কৰ্মত নিয়োগ ইত্যাদি বন্ধ কৰাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ সংকল্প লোৱা হৈছে এই সংকল্পৰ জৰিয়তে ৷ 187 খন সদস্য ৰাষ্ট্ৰত প্ৰযোজ্য হৈ থকা আন্তৰাষ্ট্ৰীয় শ্ৰম আয়োগৰ কেতবোৰ নিদেৰ্শনা যেনে বয়সৰ ন্যূনতম সীমা চুক্তি 1973 (138 নং), শিশু শ্ৰমিকৰ ওপৰত নিৰ্যাতন চুক্তি 1999 (182 নং)ক গুৰুত্ব প্ৰদান কৰিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৷

2017 চনত আৰ্জেন্টিনাৰ বুনচ এয়াৰ্চত অনুষ্ঠিত শিশু শ্ৰমিক নিৰ্মূলৰ চতুৰ্থ বিশ্ব সন্মিলনৰ প্ৰতিশ্ৰুতি গ্ৰহণত আৰ্জেন্টিনাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল ৷ এই সন্মিলনত সংকল্প গ্ৰহণ কৰিছিল বিশ্বৰ 78 খন দেশে ৷ এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ আৰ্জেন্টিনাৰ প্ৰতিনিধি মাৰ্টিন গাৰ্চিয়া মৰিটানে কয়, ‘আমি আশা কৰো যে, আমাৰ প্ৰয়াস আৰু প্ৰগতিয়ে দিনে দিনে এনে এখন পৃথিৱীলৈ অগ্ৰসৰ কৰিছে য’ত কোনো ধৰণৰ শিশু শ্ৰম শোষণৰ বলি নহয় ৷’

বিগত এশ বছৰ ধৰি আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্থাই শিশু শ্ৰমিকৰ বাবে বিভিন্ন কাম কৰি আহিছে আৰু ইয়াৰ প্ৰথম সন্মিলনখন আছিল 1919 চনৰ উদ্যোগত শ্ৰমিকৰ ন্যূনতম বয়স ৷ ব্যৱহাৰিক ক্ষেত্ৰত শেহতীয়া বৰ্ষকেইটাত এইক্ষেত্ৰত বহু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কেৱল 2000 চনৰ পৰা 2016 চনৰ ভিতৰত বিশ্বব্যাপী 38 শতাংশ হ্ৰাস হৈছে শিশু শ্ৰমিক ৷

বিগত দুটা দশকত শিশু শ্ৰমৰ বিৰুদ্ধে অসাধাৰণ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে আন্তৰাষ্ট্ৰীয় শ্ৰম সংস্থাৰ মৌলিক নীতি অধিকাৰ বিভাগৰ প্ৰধান ব্ৰেট এণ্ডিছে ৷ বৰ্তমানেও বিশ্বত 152 মিলিয়ন শিশুৱে শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে বুলি তেওঁ উল্লেখ কৰে ৷ আৰু ইয়াক নিৰ্মূল কৰাৰ উদ্দেশ্যেই 2021 চনতো আন্তৰাষ্ট্ৰীয় শিশু শ্ৰমিকবিহীন বৰ্ষ হিচাপে স্থিৰ কৰা হৈছে ৷

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.