গুৱাহাটী,৬ মে’: ৰাজ্যত ক'ভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ এনে এক সংকটৰ সময়ত পুনৰবাৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হোৱা ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৃন্দাবন চুপাৰমাৰ্টৰ উদ্যোগত তেওঁলোকে কাহিলীপাৰাস্থিত নিজৰ দুমহলীয়া ঘৰ ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।
উল্লেখযোগ্য যে, গৰিমা শইকীয়া গাৰ্গে বুধবাৰে নিশা ফেচবুক পোষ্টযোগে এই কথা জনাইছে । লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক'ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসনক প্ৰদান কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে । সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীত ক'ভিড 19 ৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে ।
ফেচবুক পোষ্টযোগে এই কথা জনোৱাৰ পাছতেই সকলোৱে জুবিন গাৰ্গ তথা পত্নীৰ এনে পদক্ষেপৰ শলাগ লৈছে । সকলোকে সমাজৰ হকে কাম কৰি যোৱাৰ ক্ষেত্ৰত জগোৱা উৎসাহ আৰু প্ৰেৰণাৰ বাবে শিল্পীগৰাকীক ধন্যবাদ জনাই অনুৰাগীসকলে ।
লগতে পঢ়কঃ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক আবকাৰী বিষয়া