ETV Bharat / state

জুবিনক আক্ৰমণ : NSUI নেতাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

ষ্টুডিঅ’ৰ পৰা নিজ গৃহলৈ উভতি অহাৰ সময়তে গণেশগুৰিত শিল্পীগৰাকীৰ ওপৰত আক্ৰমণ চলাই অচিনাক্ত দুৰ্বৃত্তৰ দলে ৷ আক্ৰমণকাৰী দলটো অহা বাহনখন পঞ্জীয়ন হৈ আছে শৰণীয়া নিৱাসী তথা কামৰূপ মেট্ৰ‘ৰ NSUI ৰ উপ-সভাপতি হিৰকজ্যোতি ৰাজবংশীৰ নামত ৷

author img

By

Published : Aug 13, 2020, 10:16 AM IST

Updated : Aug 13, 2020, 12:48 PM IST

zubeen garg attacked by unknown group in guwahati

নিউজ ডেস্ক, 13 আগষ্টঃ ষ্টুডিঅ’ৰ পৰা নিজ গৃহলৈ উভতি অহাৰ সময়ত বুধবাৰে নিশা গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত হাৰ্টৰ্থ্ৰৱ জুবিন গাৰ্গৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলাই অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে ৷ প্ৰাপ্ত তথ্য মতে, কণ্ঠশিল্পীগৰাকী জু ৰোডৰ ষ্টুডিঅ'ৰ পৰা কাহিলিপাৰাস্থিত নিজ গৃহলৈ উভতি অহাৰ সময়তে শিল্পীগৰাকীৰ বাহনখন বহু সময় অনুসৰণ কৰি আহি উক্তস্থানত শিল্পীগৰাকীক আগচি ধৰে দুৰ্বৃত্তৰ দলটোৰ AS 01 BY 0675 নম্বৰৰ মাৰুতি চীয়াজ বাহনখনে ৷ ইয়াৰ পাছতে দলটোৱে শিল্পীগৰাকীক অভব্য ভাষাৰে গালি-গালাজ দিয়া আৰম্ভ কৰে ৷ শিল্পীগৰাকী তথা তেখেতৰ সংগীসকলে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদানৰ চেষ্টা কৰে যদিও বিয়েৰৰ বটলেৰে শিল্পীগৰাকীক আক্ৰমণৰ চেষ্টা চলাই দলটোৱে ৷

কামৰূপ মেট্ৰো NSUI ৰ উপ সভাপতি হীৰকজ্যোতি ৰাজবংশী

শেহতীয়া তথ্য মতে, দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে দিচপুৰ থানাত শিল্পীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতেই ঘটনা সন্দৰ্ভত তৎপৰ হৈ পৰিছে দিচপুৰ আৰক্ষী ৷ মাজনিশা শিল্পীগৰাকীক আগচি ধৰা গাড়ীখন হিৰকজ্যোতি ৰাজবংশী নামৰ এজন যুৱকৰ নামত পঞ্জীয়ন হৈ আছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে, শৰণীয়াস্থিত যুৱকজনৰ বাসগৃহত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ বৰ্তমান পলাতক অৱস্থাত থকা হিৰকজ্যোতি ৰাজবংশীক বিচাৰি নাপাই যুৱকজনৰ জ্যেষ্ঠ ভাতৃ অমৰ জ্যোতি ৰাজবংশীক সোধা-পোচাৰ বাবে পূব শৰণীয়াৰ ৬ নং পথৰ পৰা আটক কৰিছে দিচপুৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে, গুৱাহাটী কলেজ আৰু জে. বি. আইন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হীৰকজ্যোতি ৰাজবংশী কামৰূপ মেট্ৰো NSUI ৰ উপ সভাপতি ৷

ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য

লগতে পঢ়কঃবিজেপিৰ হাতত সুৰক্ষিত নহয় অসম: ৰিপুণ বৰা

Last Updated : Aug 13, 2020, 12:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.