গুৱাহাটী, 8 নৱেম্বৰ: নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰিছে। বুধবাৰে পুৱা ষ্টুডিঅ’ত কাম কৰি থকা অৱস্থাতে হঠাৎ অসুস্থ হৈ পৰে কণ্ঠশিল্পীগৰাকী । তাৰ পিচতেই ততাতৈয়াকৈ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক ।
বৰ্তমান নেমকেয়াৰ হাস্পতালৰ ICU ত চিকিৎসাধীন অৱস্থাত আছে জুবিন গাৰ্গ । বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিন গাৰ্গৰ । জানিব পৰা মতে হাত আৰু ভৰিত কিছু আঘাত পাইছে কণ্ঠশিল্পীগৰাকীয়ে । আজিৰ দিনটো ICU ত ৰাখি নিৰিক্ষণ কৰা হ’ব বুলি জানিবলৈ দিয়ে চিকিৎসকে । সকলো ঠিকে থাকিলে কাইলৈ নহ’লে আজি বিয়লিৰ ভাগলৈ কেবিনলৈ অনা হ’ব ।
ইতিমধ্যে শিল্পীগৰাকীৰ চিটি স্কেন, ECG কৰাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে । জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কে মন্তব্য কৰি চিকিৎসক হিতেশ বৰুৱাই কয়,‘‘চিন্তাৰ কোনো কাৰণ নাই । সকলোবোৰ ঠিকেই আছে । পৰীক্ষা-নিৰীক্ষাবোৰ কৰিব লাগিব । অতি কম সময়ৰ ভিতৰতে তেওঁক ICU ৰ পৰা জেনেৰেল ৱাৰ্ডলৈ নিব পৰা যাব । পুৱা হঠাতে পৰি গৈছিল । পৰীক্ষা-নিৰীক্ষাসমূহ যিহেতু কৰা হৈছে, কিছু সময়ৰ পিচত ৰিপৰ্ট আহিব । ৰিপৰ্ট অহাৰ পিচত সেইমতে চিকিৎসা কৰা হ’ব । প্ৰাথমিক চিকিৎসা ইতিমধ্যে আৰম্ভ হৈ গৈছে । আজিৰ দিনটো আমি নিৰীক্ষণত ৰাখিম । তেখেতে কথা সুধিলে উত্তৰ দিব পাৰিছে । সেয়ে চিন্তাৰ বিশেষ একো কাৰণ নাই ।’’
ইফালে জুবিন গাৰ্গৰ অসুস্থতা সন্দৰ্ভত মন্তব্য কৰি জয়ন্ত কাকতিয়ে কয়,‘‘গুৰুতৰভাৱে আঘাত পোৱা নাই তেওঁ । পৰীক্ষাসমূহ কৰা হৈছে । কেইদিনমান জিৰণি ল’ব লাগিব । কালি তেজপুৰ পৰা আহি পাইছে, গানৰ কামো চলি আছে তেওঁৰ । জিৰণি নাপালে এনেকুৱা হয় কেতিয়াবা তেখেতৰ, সেয়ে অকমান জিৰণিৰ প্ৰয়োজন । পুৱা প্ৰায় ৯ মান বজাত অসুস্থ হৈ পৰিছিল । এতিয়া অকমান শুইছে । কথা বতৰা পাতিয়ে আছে সেয়ে চিন্তাৰ বিশেষ কোনো কাৰণ নাই ।’’
লগতে পঢ়ক: Bigg Boss 17: বিগ বছ ১৭ত সুশান্ত সিং ৰাজপুতৰ কথা মনত পেলাই পুনৰ আৱেগিক হৈ পৰিল অংকিতা লোখণ্ডে