গুৱাহাটী, ১১ এপ্ৰিল : ‘‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ জনপ্রতিনিধিয়ে সাধাৰণ জনতাক হত্যা কৰিলে আইন-আদালতক অন্ধকাৰত ৰখা হয় ৷ মন্ত্ৰী-বিধায়কে আইন ভংগ কৰিলে কোনো শাস্তিৰ সন্মুখীন নহয় ।’’ মঙলবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ তোলে আম আদমি পার্টী অসমে (AAP slamms BJP) ।
সংবাদমেলত আপৰ ভাতৃ সংগঠন আপ যুৱ শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে, যোৱা বৃহস্পতিবাৰে দেৰগাঁও চাৰিআলিত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত নিহত হৈছিল এজন সাধাৰণ ব্যক্তি ৷ AS-O1-EK-2084 নম্বৰৰ এখন ব্যক্তিগত বাহনৰ খুন্দাত মৰিগাঁৱৰ আঁহতগুৰিৰ নৃপেন শইকীয়া নামৰ এজন অসমীয়া যুৱক থিতাতে নিহত হয় (youth killed case by MLA Bhaskar Sarma vehicle) ।
এই বাহনখনৰ চলিত মাহৰ ২০ মাৰ্চতেই বীমাৰ ম্যাদ উকলি গৈছিল । ঘটনা সংঘটিত কৰি পলায়ন কৰা বিলাসী বাহনখন ওচৰ-চুবুৰীয়া ৰাইজে স্বচক্ষে প্রত্যক্ষ কৰে আৰু খুন্দা মৰাৰ ফলত গাড়ীখনৰ নম্বৰ প্লেটখন ঘটনাস্থলীতে পৰি যায় । পৰিবহণ বিভাগৰ তথ্য অনুসৰি, বাহনখনৰ পঞ্জীয়ন নম্বৰৰ লগত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নাম আৰু তেওঁৰ স্থায়ী ঠিকনাসহ পঞ্জীয়ন আছে ।
গাড়ীখনৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু নৃপেন শইকীয়াৰ পৰিয়ালৰ লোকে স্থানীয় দেৰগাঁও আৰক্ষী থানাত গোচৰ দিবলৈ যায় যদিও আৰক্ষীয়ে গোচৰটো ল’বলৈ আপত্তি দর্শোৱাৰ অভিযোগ উঠিছে ৷ লগতে পৰিয়ালৰ লোকক বিভিন্ন কথাৰে বিভ্রান্ত কৰাৰ চেষ্টা কৰে বুলি আপৰ নেতাজনে অভিযোগ কৰে (BJP MLA Bhaskar Sarma case) ।
‘হিট এণ্ড ৰাণ’ ভয়ংকৰ অপৰাধত গোচৰটো পঞ্জীয়ন হয় যদিও আজি ঘটনা সংঘটিত হোৱাৰ পাঁচ দিন উকলি যোৱাৰ পিচতো প্রশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । আপৰ অভিযোগ, বিধায়ক হোৱাৰ বাবেই সকলো কথা গাপ দিবলৈ চেষ্টা চলাইছিল আৰক্ষী প্রশাসনে । সংবাদমেলত উপস্থিত থকা আপৰ নেতা ৰূপম দত্ত আৰু উপ-সভাপতি মনোজ ধানোৱাৰে বিজেপি চৰকাৰৰ দিনত আইন সকলোৰে বাবে সমান নহয় নেকি বুলি প্রশ্ন উত্থাপন কৰে ৷
পত্নীসহ এজন পুত্ৰ আৰু কন্যাক ইহসংসাৰত এৰি থৈ যোৱা নৃপেন শইকীয়াৰ মৃত্যুৰ এই ঘটনাৰ শীঘ্ৰে উচিত তদন্ত কৰি দোষীক শান্তি প্ৰদানৰ লগতে নিহতৰ পৰিয়ালৰ উচিত ক্ষতিপূৰ্ণ দাবী কৰে ধানোৱাৰে । অকল ৰাজনৈতিক হেঁচাৰ বাবে বিধায়ক ভাস্কৰ শৰ্মাক ৰেহাই দিব খোজা কার্যক আম আদমি পাৰ্টীয়ে ধিক্কাৰ জনাই বীমাৰ ম্যাদ উকলি যোৱাৰ পিচতো ৰাজপথত চলাচল কৰি থকা AS-O1-EK-2084 নম্বৰৰ গাড়ীখন জব্দ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক :Food poisoning in Golaghat : বিষাক্ত কাঠফুলাই গোলাঘাটত পুনৰ প্ৰাণ কাঢ়িলে এজনৰ