গুৱাহাটী ১২ জুলাই: ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? কেৱল ধন সংগ্ৰহৰ কাৰখানালৈ পৰিণত হৈছে নেকি নিচামুক্তি কেন্দ্ৰসমূহ ? সম্প্ৰতি এনে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে ৷ কিয়নো ৰাজ্যৰ নিচামুক্তি কেন্দ্ৰসমূহত ইটোৰ পাচত সিটো অঘটন সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷
এইবাৰ গুৱাহাটী মহানগৰীৰ কাহিলিপাৰাস্থিত দক্ষিণ গাৱঁৰ এটা নিচামুক্তি কেন্দ্ৰত এজন লোকক মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ‘আকাৰ ৰিহেবিলিটেশ্যন’ নামৰ কেন্দ্ৰটোৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷
উল্লেখ্য যে এই কেন্দ্ৰটোত নৱজিৎ কলিতা নামৰ এজন যুৱকক ভৰ্তি কৰোৱা হৈছিল ৷ সুৰা পান কৰাৰ বদ অভ্যাস আছিল জলসিঞ্চন বিভাগৰ কৰ্মচাৰী নৱজিৎ কলিতাৰ ৷ চলিত সপ্তাহৰ সোমাবাৰে নৱজিতক ভৰ্তি কৰোৱা হৈছিল কেন্দ্ৰটোত ৷ কিন্তু বুধবাৰে অৰ্থাৎ আজি নিচামুক্তি কেন্দ্ৰটোৰ পৰা যুৱকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক অৱগত কৰে ৷
মাত্ৰ তিনিদিন পূৰ্বে ভৰ্তি কৰোৱা যুৱকজনৰ কেনেদৰে মৃত্যু হ’ল তাকে লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ যি ঘটনাক এতিয়া সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷ নৱজিতক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷
সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি নিশা হায়াত মেডিকেলত ভৰ্তি কৰোৱা হৈছিল নৱজিতক ৷ পৰিয়ালৰ লোকৰ মতে নিশা হত্যা কৰাৰ পাচতহে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ ইফালে, যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাই পলায়ন কৰে ‘আকাৰ ৰিহেবিলিটেশ্যন’ কেন্দ্ৰৰ আন কেইজনমান যুৱক ৷ ইয়াকে লৈ এতিয়া অধিক ৰহস্যৰ সৃষ্টি হৈছে ৷
স্মৰ্তব্য যে বিগত ফেব্ৰুৱাৰী মাহত মহানগৰীৰ এটা নিচামুক্তি কেন্দ্ৰত এজন যুৱকক তেওঁৰেই সহযোগীয়ে ছুৰীকাঘাত কৰি হত্যা কৰিছিল ৷ ইফালে মন্ত্ৰী পীযুষ হাজৰীকাই নিচামুক্তি কেন্দ্ৰসমূহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও বহু কেন্দ্ৰ নীতি বৰ্হিভূতভাৱে চলি থকাৰ অভিযোগ উত্থাপন হৈছে ৷