গুৱাহাটী,১৬ মাৰ্চ: প্ৰতিবাৰে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ আগমন হয় হাই প্ৰফাইল নেতাৰ । এইবাৰো তাৰ ব্যতিক্ৰম নহয় । শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ এজনৰ পাছত আনজনকৈ হাই প্ৰফাইল নেতাৰ অসমলৈ আগমন ঘটিছে ।
এইবাৰ হোজাই জিলাৰ লংকাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । উগ্ৰ হিন্দুত্ববাদী নেতাৰূপে জনাজাত যোগী আদিত্যনাথে বুধবাৰে লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব । প্ৰভাৱশালী আৰু যথেষ্ট বিতৰ্কিত নেতাজনৰ এই ভ্ৰমণক লৈ বিশেষভাৱে তৎপৰ হৈছে হোজাই আৰক্ষী ।
বিজেপিৰ সূত্রই জনোৱা মতে যোগী আদিত্যনাথে হোজাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ হৈ প্ৰচাৰ চলাব । বুধবাৰৰ প্ৰচাৰ সভাত যোগী আদিত্য নাথৰ সংগ দিব মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ।