ETV Bharat / state

ৰঙা, নীলা নে ভোটজলকীয়াৰ চাহ ? প্ৰায় 52 বিধ সোৱাদ লৈ বিশ্বমুখী অসমৰ চাহ

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:38 PM IST

Worldwide demand of Assam Tea: ৰে’ড টী, গ্ৰীণ টী, ব্লেক টীৰ উপৰিও অসমৰ থলুৱা উপাদান তথা বনৌষধিৰে ভিন্ন সোৱাদৰ চাহ প্ৰস্তুত কৰা এগৰাকী বিশেষ ব্যক্তি । দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ব্যক্তিগৰাকীয়ে প্ৰস্তুত কৰা চাহে ।

aromica tea Ranjit Baruah
প্ৰায় 52 বিধ চাহ লৈ বিশ্বমুখী যাত্ৰা অসমৰ চাহ ব্যৱসায়ীৰ

গুৱাহাটী, 15 ডিচেম্বৰ : অসমীয়া কেঁচা সোণৰূপে খ্যাত অসমৰ চাহ ৷ চাহখেতি তথা চাহ উদ্যোগেৰে এতিয়া স্বাৱলম্বী হৈছে বহুজন । ৰে’ড টী, গ্ৰীণ টী, ব্লেক টীৰ উপৰিও বিশ্বৰ অগণন লোকে এতিয়া আঁকোৱালি লৈছে ভিন্ন ধৰণৰ উপাদান ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিওৱা চাহ ।

চাহ উদ্যোগী ৰঞ্জিৎ বৰুৱাৰ প্ৰচেষ্টাত গুৱাহাটীত উপলব্ধ হৈছে বিশ্বৰ বজাৰত সমাদৃত ব্লু টী, ব্লুমিং টী, বৈদিক টী, ৰোজ গ্ৰীণ টী, গোল্ড টী, ভোটজলকীয়া টী, লাচিত টী, ঢেঁকী টী আদিকে ধৰি প্ৰায় ৫২ বিধ চাহ । চাহত ভিন্নধৰণৰ উপাদান যেনে গোপাল ফুল, ভেদাইলতা, অপৰাজিতা ফুল, সোণ আদি ব্যৱহাৰ কৰি ব্যৱহাৰ কৰি প্ৰস্তুত কৰি উলিয়াইছে ভিন্নধৰণৰ সোৱাদৰ চাহ ।

উল্লেখ্য যে, প্ৰথমতে ৪ বিধ চাহেৰে ২০১৮ চনত এই ব্যৱসায় আৰম্ভ কৰিছিল ৰঞ্জিৎ বৰুৱাই । চাহৰ লগতে ভিন্ন ধৰণৰ বনৌষধি ব্যৱহাৰ কৰি প্ৰস্তুত কৰি প্ৰস্তুত কৰা ভিন্ন সোৱাদৰ চাহসমূহে বৰ্তমান অসমৰ লগতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

আন এক ভাল খবৰ যে, ভাৰতৰ ভিন্ন ৰাজ্যসমূহৰ লগতে ভাৰতৰ বাহিৰৰ ৬ খন দেশলৈ ৰপ্তানি হৈছে এই চাহ ৷ অষ্ট্ৰেলিয়া, জাপান, আবুডাবি, লণ্ডন, কানাডা আদিত দেশত এইসমূহ চাহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ Assam Start Up ৰ দ্বাৰা আৰম্ভ উক্ত ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে বৰুৱাই নিজে সংস্থাপিত হোৱাৰ উপৰিও, সংস্থাপন দিছে বহুকেইগৰাকী নাৰীক। ইফালে শেহতীয়াকৈ ক্ষুদ্ৰ উদ্যোগী ৰঞ্জিৎ বৰুৱাই প্ৰস্তুত কৰি উলিওৱা সোণৰ চাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপহাৰ হিচাবে প্ৰদান কৰিছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ।

লগতে পঢ়ক : ৰামদেৱৰ দখলত অসমৰ চাহ ! অসমৰ ভূমিত বাবাৰ ব্যৱসায়িক সাম্ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.