ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন - গুৱাহাটী প্ৰেছ ক্লাৱ

গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বিশ্ব আলোকচিত্র দিৱস ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটো আফগানিস্থানত অলপতে তালিবানৰ আক্ৰমণত মৃত্যুবৰণ কৰা বিশিষ্ট ফটো সাংবাদিক ডানিছ ছিদ্দিকৰ নামত উৎসৰ্গিত কৰে অসম ফটো সাংবাদিক সন্থাই ৷

World photography Day
গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন
author img

By

Published : Aug 19, 2021, 10:26 PM IST

গুৱাহাটী, ১৯ আগষ্টঃ অসম ফটো সাংবাদিক সন্থা(Assam Photo Journalists Association)ই বৃহস্পতিবাৰে দিনযোৰা কাৰ্যসূচীৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰে । এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত আফগানিস্থানত তালিবানৰ আক্ৰমণত মৃত্যুবৰণ কৰা বিশিষ্ট ফটো সাংবাদিক ডানিছ ছিদ্দিকৰ নামত উৎসৰ্গিত কৰা হয়।

অনুষ্ঠানত ডানিছ ছিদ্দিকৰ জীৱন দৰ্শনৰ ওপৰত বক্তব্য আগবঢ়াই জেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে । ওৰেটো জীৱন ফটোৰ সৈতে জড়িত থকা ডানিছ ছিদ্দিকে আফগানিস্থানৰ ভয়াবহ পৰিস্থিতিৰ ফটো সংগ্ৰহ কৰিবলৈ গৈ নিজৰ জীৱন বলিদান দিলে ।

যিকোনো ভয়াবহ পৰিস্থিতি হ'লে কেৱল ফটো সাংবাদিকে জীৱনৰ কথা চিন্তা নকৰি ঘটনাৰ ওচৰলৈ যাব লাগে । ইয়াৰ বাবে বহু সময়ত বহু ফটো সাংবাদিক বিপদৰো সম্মুখীন হৈছে বুলি উল্লেখ কৰে জেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে।

লগতে পঢ়ক: ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত অঘটন

অনুষ্ঠানত অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দন বিশিষ্ট অতিথি আৰু জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই অন্যতম অতিথি হিচাপে ভাষন প্ৰদান কৰে । অসম ফটো সাংবাদিক সন্থাৰ সম্পাদক ৰেৱ কুমাৰ বৰাই আদৰণি ভাষন আৰু উদ্দেশ্য বাখ্যা কৰা সভাখনত আফগানিস্থানত তালিবানৰ আক্ৰমণত মৃত্যুবৰণ কৰা বিশিষ্ট ফটো সাংবাদিক ডানিছ ছিদ্দিকৰ প্ৰতিছবিত সমূহীয়া শ্ৰদ্ধাঞ্জলী জনোৱা হয়।

অনুষ্ঠানত জেষ্ঠ ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যক চলিত বৰ্ষৰ ফটো সাংবাদিকতা বঁটা প্ৰদান কৰা হয় । ভট্টাচাৰ্যক ফটো সাংবাদিক সন্থাৰ তৰফৰ পৰা ফুলাম গামোছা, জাপি, মানপত্ৰ আৰু নগদ ১০ হাজাৰ টকা প্ৰদান কৰা হয় । সমগ্ৰ বিশ্বতে 19 আগষ্ট দিনটো বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷

অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লৱৰ সভাপতি মনোজ কুমাৰ নাথ, সাধাৰণ সম্পাদক সঞ্জয় ৰয়, আছু আৰু অগপৰ প্ৰতিনিধি, সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰী, ইউ বি ফটোজৰ উৎপল বৰুৱা, অসম ফটো সাংবাদিক সন্থাৰ সভাপতি চিন্ময় ৰয়, উপ আৰক্ষী আয়ুক্ত পল্লব বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : বিলুপ্তকৰণ কৰা হ'ব অ'এনজিচিৰ : মন্ত্ৰী ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.