ETV Bharat / state

প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী - দূৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি

পূজালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰো ৷ অশেষ কষ্টৰ পাছতো কষ্টোপাৰ্জিত ধন নোপোৱাৰ অভিযোগ মৃন্ময় শিল্পীসকলৰ ৷

প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী
author img

By

Published : Sep 17, 2019, 6:59 AM IST

Updated : Sep 17, 2019, 7:38 AM IST

গুৱাহাটী,17 চেপ্তেম্বৰঃ দূৰ্গা পূজালৈ মাজত মাত্ৰ দুটা সপ্তাহ বাকী ৷ দেশৰ সকলো প্ৰান্ততে চলিছে মা দূৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ প্ৰতিমাত শেষ স্পৰ্শ দিছে খনিকৰসকলে ৷ ইফালে পূজাৰ দিন ওচৰ চাপি অহাৰ লগে-লগে সকলোৰে লগতে ব্যস্ত হৈ পৰিছে মহানগৰীৰ মহিলা মৃন্ময় শিল্পীসকলো ৷ পাণ্ডুৰ নিউ শিৱ শংকৰ শিল্পালয়ৰ মৃন্ময় শিল্পী দীপিকা নাগপাল ব্যস্ত বিশ্বকৰ্মাৰ মূৰ্তিত শেষ পৰশ দিয়াত ৷ বিগত ৩৮ বছৰ ধৰি মূৰ্তি নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি আছে শিল্পীগৰাকীয়ে ৷ একেদৰে পাণ্ডু বৰবজাৰত মনিকা পাল,সুনীতা চেত্ৰী নামৰ মহিলা দুগৰাকীও ব্যস্ত বিশ্বকৰ্মা আৰু দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ৷

আনহাতে পিতৃৰ বিয়োগৰ পিছত মাতৃৰ সৈতে মূৰ্তি নিৰ্মাণ কৰি জীৱন নিৰ্বাহৰ লগতে শিক্ষাগ্ৰহণ কৰি গৈছে পশ্চিম গুৱাহাটী কমাৰ্চ কলেজৰ ময়ূৰী পাল নামৰ ছাত্ৰীগৰাকীয়ে ৷ অশেষ কষ্টৰ পাছতো কষ্টোপাৰ্জিত ধন নোপোৱাৰ অভিযোগ এইসকল মৃন্ময় শিল্পীৰ ৷

Intro:Gfx- 1) শুভ্ৰ নিয়ৰৰ কণিকাই ধৰালৈ নমাই আনিছে শৰতৰ বতৰা।
2) শৰৎ মানেই যেন উৎসৱৰ বতৰ।
3) বিশ্বকৰ্মা আৰু শাৰদীয় দুৰ্গোৎসৱকলৈ মহানগৰীত ব্যাপক প্ৰস্তুতি।
4) ভীষণ ব্যস্ত মৃৎ শিল্পী, পিছত পৰি ৰোৱা নাই মহিলা মৃন্ময় শিল্পীসকলো।

V/O1 - হয়, শৰতৰ শেৱালী সুবাসে কঢ়িয়াই আনিছে উছৱৰ মধুৰ বতৰা। সমাগম বিশ্বকৰ্মা পূজা। ৰাজ্যৰ লগতে মহানগৰীতো পূজা ব্যাপক প্ৰস্তুতি। উৎসৱৰ এই বতৰত ভীষণ ব্যস্ত মৃৎ শিল্পীসকল। মহানগৰীৰ মহিলাসমাজে দাঙি স্বাৱলম্বীতাৰ অনন্য নিদৰ্শন। এয়া পাণ্ডুৰ নিউ শিৱ শংকৰ শিল্পালয়ৰ দৃশ্য। দীপিকা নাগপাল নামৰ মহিলাগৰাকীও ব্যস্ত বিশ্বকৰ্মাৰ মূৰ্তিত শেষ পৰস দিয়াত। বিগত ৩৮ বছৰ ধৰি এনেদৰেই মূৰ্তি নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি আছে মহিলাগৰাকীয়ে।
Byte-

V/O2 - ইফালে পাণ্ডু বৰবজাৰৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানটো মনিকা পাল, সুনীতা চেত্ৰী নামৰ মহিলা দুগৰাকীও ব্যস্ত বিশ্বকৰ্মা আৰু দুৰ্গাৰ মূৰ্তি প্ৰস্তুতত। মূৰ্তি নিৰ্মাণত ব্যস্ত এইগৰাকী ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰী ময়ূৰী পাল। শিক্ষাগ্ৰহণৰ উপৰিও এনেদৰেই নিজৰ কৰ্ম কৰি গৈছে ছাত্ৰীগৰাকীয়ে। পিতৃৰ বিয়োগৰ পিছত এনেদৰেই মাতৃ আৰু ছাত্ৰীগৰাকীয়ে মূৰ্তি নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰি গৈছে।
Byte-

End V/O - উল্লেখযোগ্য যে, পূৰ্বৰ তুলনাত এইবাৰ বিক্ৰী কম বুলি উল্লেখ কৰে বিক্ৰেতাসকলে। তাৰোপৰি কষ্টোপাৰ্জিত ধন নাপায় শিল্পীসকলে। তথাপি পেটৰ তাগিদাত এনেদৰেই কৰ্ম কৰি গৈছে মহিলাসকলে। মহিলাসকলৰ এই কামে স্বাৱলম্বীতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Sep 17, 2019, 7:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.