ETV Bharat / state

মহানগৰীত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ - কৰ'ণা সংক্ৰমণ

মাইক্ৰ’ ফাইনেন্সৰ কোম্পানী সমূহৰ বিৰুদ্ধে সৰৱ গুৱাহাটী মহানগৰীটো একাংশ মহিলা ৷ বন্ধন, উজ্জীৱন, ছেটিং আদি মাইক্ৰ’ ফাইনেন্স সমূহে গ্ৰাহক সকলক ঋণ সংগ্ৰহ কৰাৰ নামত মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷

Women protest against microfinance in Guwhati
মহানগৰীত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ
author img

By

Published : Aug 31, 2020, 8:39 PM IST

গুৱাহাটী, 31 আগষ্ট : ক'ভিড-19 ৰ ত্ৰাসৰ মাজতে ৰাজ্যৰ মাইক্ৰ’ ফাইনেন্সৰ কোম্পানী সমূহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন মহিলা সংগঠন ৷ গ্ৰাহকক ঋণ দিয়াৰ নামত চূড়ান্ত ৰামঠগন দিয়াৰ অভিযোগ মাইক্ৰ’ ফাইনেন্স সমূহৰ বিৰুদ্ধে ৷ দেওবাৰে গুৱাহাটী মহানগৰীটো একাংশ মহিলাই মাইক্ৰ’ ফাইনেন্সৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল ৷ দীৰ্ঘদিন ধৰি মাইক্ৰ’ ফাইনেন্স সমূহে ঋণ সংগ্ৰহৰ নামত মানসিকভাবে গ্ৰাহকক অত্যাচাৰ চলাই অহাৰ অভিযোগ তুলিছে মহানগৰীৰ গান্ধীবস্তি অঞ্চলৰ মহিলা সকলে ৷

মহানগৰীত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ

অভিযোগ অনুসৰি, কৰ'ণা সংক্ৰমণৰ উদ্দেশ্যে দেশজুৰি বলবৎ হোৱা লক ডাউনৰ ফলত উপাৰ্জনহীন হৈ থাকিব লগা হৈছে তেওঁলোক ৷ কিন্তু দেশৰ এনে জটিল সন্ধিক্ষণতো বন্ধন, উজ্জীৱন, ছেটিং আদি মাইক্ৰ’ ফাইনেন্স সমূহে গ্ৰাহক সকলক ঋণ সংগ্ৰহ কৰাৰ নামত চলাই আহিছে বিভিন্ন মানসিক নিৰ্যাতন ৷ গ্ৰাহকৰ পৰা ঋণ সংগ্ৰহ কৰিবলৈ কেৱল তেওঁলোকৰ ঘৰলৈ যোৱাই নহয় বাটে-পথেও ঋণৰ নামত বিভিন্ন কটূ মন্তব্য প্ৰদান কৰাৰ অভিযোগ মাইক্ৰ’ ফাইনেন্স কৰ্মচাৰী সকলৰ বিৰুদ্ধে ৷

যাৰবাবে মাইক্ৰ’ ফাইনেন্স কোম্পানী সমূহৰ এনে হাৰাশাস্তিৰ পৰা ৰক্ষা পাবলৈ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ বিষয়টো ৰাজ্যৰ বিত্ত মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে ভুক্তভোগী সকলে ৷

লগতে পঢ়ক : LAC ত চীনা সৈন্যৰ পুনৰ দুঃসাহসঃ ভাৰতীয় সেনাই দিলে উচিত প্ৰত্যুত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.