ETV Bharat / state

পুৰুষৰ সমানে আগবাঢ়ি অহা তিনিগৰাকী মহিলা

মানুহে কি ক'ব এই কথা চিন্তা কৰি ঘৰতে বহি থকাৰ পৰিৱৰ্তে নিজৰ দায়িত্ব পালন কৰি ওলাই অহা মহানগৰীৰ ই-ৰিক্সা চালক ধনমনি বৰা, বঙাইগাঁও চহৰৰ পিংক অটো চালক সুনীতা শাহু আৰু ধেমাজিৰ কবিতা দিহিংগীয়া মিলিক নাৰী দিৱসৰ শুভমূহুৰ্তত অলেখ শুভকামনা ৷

WOMAN E RIKSHA AND AUTO DRIVER
WOMAN E RIKSHA AND AUTO DRIVER
author img

By

Published : Mar 8, 2020, 12:52 PM IST

গুৱাহাটী, 8 মাৰ্চঃ মঙলদৈৰ এখন ভিতৰুৱা গাঁৱৰ ধনমণি বৰা নামৰ মহিলাগৰাকীয়ে নাৰী দিৱসৰ দিনাই বাছি লৈছিল উপাৰ্জনৰ এক নতুন পথ ৷ ২০১৮ চনত আজিৰ দিনটোতে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই ই-ৰিক্সা লৈ জীৱন সংগ্ৰামৰ যুঁজত নামিছিল মঙলদৈৰ জীয়ৰী ধনমণি বৰা । এবছৰ পূৰ্বে গুৱাহাটীৰ প্ৰথমগৰাকী মহিলা ই-ৰিক্সা চালক হিচাপে আত্মপ্ৰকাশ কৰিছিল মঙলদৈৰ ধনমণি বৰাই ৷ পুৰুষ মহিলা যদিহে সম অধিকাৰী তেন্তে মহিলাই কিয় ৰিক্সা চলাব নোৱাৰে? এই প্ৰশ্নৰ উত্তৰ বিছাৰিয়ে, নিজৰ পুত্ৰ-কন্যাৰ উজ্বল ভৱিষ্যত গঢ়িবলৈ ই-ৰিক্সা লৈ ৰাজপথলৈ ওলাই আহিছিল তেওঁ ৷

গুৱাহাটীৰ প্ৰথমগৰাকী মহিলা ই-ৰিক্সা চালক ধনমণি বৰা

মহিলা ই-ৰিক্সা চাকল হিচাপে তেওঁৰ এই যাত্ৰাত লাভ কৰিছে বহু তিতা-মিঠা অভিজ্ঞতা ৷ কেতিয়াবা যদি মহিলা ই-ৰিক্সা চালক হিচাপে মানুহে উপলুঙা কৰিছে, কেতিয়াবা আকৌ মহানগৰবাসীয়ে উৎসাহিত কৰি আগুৱাই যাবলৈ প্ৰেৰণা যোগাইছে ধনমণিক ৷

বঙাইগাঁওঃ এনেকুৱাই আন এক উদাহৰণ বঙাইগাঁৱৰ সুনীতা শাহু ৷ স্বামীৰ মৃত্যুৰ পিচত সম্পূৰ্ণ ঘৰখনৰ দায়িত্ব আহি পৰিছিল সুনীতাৰ কান্ধত ৷ পৰিয়াল পোহপালৰ বাবে কোন পথ বিচাৰি নোপোৱা সুনীতাই অৱশেষত ঠিৰাং কৰিলে ৰাজপথলৈ ওলাই অহাৰ ৷ ৰাজপথলৈ ওলাই আহিয়েই সুনীতাই ধৰিলে অটোৰ ষ্টেইৰিঙত ৷ বঙাইগাঁও চহৰত মহিলা যাত্ৰী সকলৰ বাবে এটা বেচৰকাৰী সন্থাই আৰম্ভ কৰা পিংক অটো চালক হিচাপে কিছুবছৰ পূৰ্বে সুনীতাই আৰম্ভ কৰিছিল জীৱন সংগ্রাম ৷ প্ৰতিদিনে উপাৰ্জন কৰা টকাৰে সুনীতা সক্ষম হৈছে নিজৰ পৰিয়ালটোক পোহপাল দিয়াত ৷

বঙাইগাঁৱৰ সুনীতা শাহু

ধেমাজিঃ কামৰ সৰু বৰ নাই ৷ লাগে মাথো এটা শুদ্ধ মন আৰু আত্মবিশ্বাস ৷ এই কথাকে প্ৰমাণ কৰি দেখুৱাইছে ধেমাজিৰ কবিতা দিহিংগীয়া মিলি নামৰ মহিলাগৰাকীয়ে ৷ ধেমাজিৰ মায়ং নৰহ পথ ৩ নং ৱাৰ্ডৰ বাসিন্দা কবিতাই ধেমাজি নগৰত ই-ৰিক্সা চলাই দাঙি ধৰিছে কৰ্ম সংস্কৃতিৰ উৎকৃষ্ট নিৰ্দশন ৷ এবছৰ পূৰ্বে নিজ স্বামীক হেৰুৱাই প্ৰথমাৱস্থাত কিংকতব্যবিমূৰ হৈ পৰিছিল যদিও পিছলৈ চুবুৰীয়াৰ উৎসাহত আৰু পৰিয়ালৰ গধুৰ দায়িত্ব আহি পৰাত স্বামীৰ ই-ৰিক্সাখনকে জীৱিকাৰ সম্বল হিচাপে বাছি লয় কবিতাই ৷

ধেমাজিৰ কবিতা দিহিংগীয়া মিলি

গুৱাহাটী মহানগৰীৰ ই-ৰিক্সা চালক ধনমনি বৰা, বঙাইগাঁও চহৰৰ পিংক অটো চালক সুনীতা শাহু আৰু ধেমাজিৰ কবিতা দিহিংগীয়া মিলি নাৰী সকলৰ বাবে এক আদৰ্শ । মানুহে কি ক'ব এই কথা চিন্তা কৰি ঘৰতে বহি থকাৰ পৰিৱৰ্তে নিজৰ দায়িত্ব পালন কৰি ওলাই আহিছে এইসকল মহিলা ৷

লগতে পঢ়কঃ 35 বছৰে এটা শ্মশানত সেৱা আগবঢ়াই অহা এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.