ETV Bharat / state

Wrong treatment by doctor: চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ - পুনৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ

চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু এগৰাকী মহিলাৰ । মহানগৰীৰ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ চিকিৎসালয়ত মৃত্যু হয় এগৰাকী মহিলাৰ (Woman dies of wrong treatment by doctor) । মহিলাগাৰকীৰ মৃত্যুৰ পিচতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।

Woman dies of wrong treatment by doctor
পুনৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ
author img

By

Published : Apr 25, 2023, 1:32 AM IST

পুনৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু মহিলাৰ

গুৱাহাটী,২৪ এপ্ৰিল: পুনৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হ'ল এগৰাকী মহিলাৰ । এই গুৰুতৰ অভিযোগ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ । এগৰাকী মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত । মহানগৰীৰ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ চিকিৎসালয়ত সৃষ্টি হৈছে এই পৰিৱেশ (Woman dies of wrong treatment by doctor) ।

ইতিমধ্যে চিকিৎসালয়ত উপস্থিত আৰক্ষী প্ৰশাসনৰ লোক । পাঁচটা দিন পূৰ্বে এইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল নলবাৰী কৈঠালকুছিৰ পুতুলী হালৈ নামে এগৰাকী মহিলাক । গ'ল্ড ব্লাডাৰৰ অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত । ভৰ্তি হোৱাৰ পিছদিনাই অস্ত্ৰোপচাৰ সম্পন্নৰ পাছত এবাৰলৈও পৰিয়ালৰ লোকক সাক্ষাৎ কৰিবলৈ দিয়া নহ'ল মহিলাগৰাকীক (Woman dies after surgery) ।

ইয়াৰ বিপৰীতে সফলতাৰে অস্ত্ৰোপচাৰ হোৱা বুলি দাবী কৰা চিকিৎসালয়খনে স্বাস্থ্যৰ অৱনতি দেখুৱাই ICU লৈ স্থানান্তৰ কৰা বুলিহে পৰিয়ালক জানিবলৈ দিয়ে । একেৰাহে ৪ দিন ICU ত থকাৰ পাচত পুতুলী হালৈক সোমবাৰে মৃত বুলি ঘোষণা কৰে চিকিৎসালয় কৰ্তৃপক্ষই । সমান্তৰালভাৱে চিকিৎসালয়খনে মৃত মহিলাগৰাকীৰ পৰিয়ালটোৰ ক্ষোভৰ উমান পাই নিয়োগ কৰে আৰক্ষী (Wrong treatment by doctor) ।

ইয়াৰ উপৰিও মৃত মহিলাগৰাকীৰ পৰিয়ালৰ সন্দেহ দুদিন পূর্বেই মৃত্যু হৈছে পুতুলী হালৈৰ । কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই ধনৰ লোভত এই কথা জনোৱা নাই পৰিয়ালৰ লোকক । চিকিৎসালয়খনৰ এনাস্থেচিয়া বিভাগৰ বিশেষজ্ঞ এল. এন. মোহনৰ অনুমতি সাপেক্ষে চিকিৎসক পি.কে. দাস আৰু এছ. এন. ভট্টাচাৰ্যৰ তত্বাবধানত সম্পন্ন হৈছিল মহিলাগৰাকীৰ অস্ত্ৰোপচাৰ ।

ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে চিকিৎসকৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ দিয়াৰ কথাও সদৰি কৰে পৰিয়ালটোৱে । লগতে সমগ্ৰ ঘটনাটোত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা তথা স্থানীয় বিধায়ক চন্দ্ৰ মোহন পাটোৱাৰীৰ হস্তক্ষেপ বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে । উল্লেখযোগ্য যে, প্ৰায়ে মহানগৰীৰ এইখন চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱা দেখা যায় । ইয়াৰ পিচতো প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয় । যাৰ ফলস্বৰূপে পুনৰ এনে ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে ভুক্তভোগী পৰিয়ালৰটোৱে ।

লগতে পঢ়ক: Rana Goswami slams CM: পুৰণা বিজেপিক গুৰুত্ব দিব নোৱাৰে হিমন্ত বিশ্বই; ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.