ETV Bharat / state

বকোত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ - তদন্ত অব্যাহত

বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকোত এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ বকোৰ ভূৰ্কীবাৰীৰ 17নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ উদ্ধাৰ কৰা মহিলা গৰাকীৰ বয়স প্ৰায় 40 বছৰ হ'ব বুলি জানিব পৰা গৈছে ৷

WOMAN DEADBODY RECOVERED IN BOKO
বকোত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 30, 2020, 3:48 PM IST

বকো, 30 জুলাই : ৰাজ্যত কৰ'ণা মহামাৰী আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকোত এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ বকোৰ ভূৰ্কীবাৰীৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ নয়ন দাসৰ বাসগৃহৰ কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ উদ্ধাৰ কৰা মহিলা গৰাকীৰ বয়স প্ৰায় 40 বছৰ হ'ব বুলি জানিব পৰা গৈছে ৷

বকোত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

পৰৱৰ্তী সময়ত বকো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ উদ্ধাৰ কৰা মহিলা গৰাকীৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও মহিলা গৰাকীৰ পৰিচয় বিচাৰি তদন্ত অব্যাহত থকা বুলি বকো আৰক্ষীয়ে জানিব দিয়ে ৷

আনহাতে,স্থানীয় ৰাইজে জনোৱা অনুসৰি,মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল আৰু বিগত কিছুদিনৰ পৰাই উক্ত অঞ্চলত চলাফুৰা কৰি আছিল ৷

উল্লেখ্য যে,নয়ন দাসৰ পৰিয়ালৰ সদস্যই কুঁৱাৰ পৰা পানী আনিবলৈ যোৱাৰ সময়ত মৃতদেহটো প্ৰত্য়ক্ষ কৰে ৷

লগতে পঢ়ক : হাইলাকান্দিত মৃত মহিলাৰ দেহত কৰ’ণা ভাইৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.