গুৱাহাটী,23 ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত পুনৰ কৰ’ণাই লৈছে নতুন ৰূপ । কেৱল মহানগৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত নতুনকৈ কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ ইটিভি ভাৰতৰ সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক ড৹ লক্ষ্মণন এছে । সঞ্চালক ড৹ লক্ষ্মণনে কয় যে বৰ্তমান অসমত কৰ'ণাৰ পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক। আনহাতে, ছ’চিয়েল মিডিয়াযোগে একাংশ লোকে লকডাউন দিয়াৰ কথা প্ৰকাশ কৰা সন্দৰ্ভত সঞ্চালক গৰাকীয়ে কয় যে লকডাউন প্ৰক্ৰিয়াটো সম্পূৰ্ণ বেলেগ। যেতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব তেতিয়া চৰকাৰে লকডাউনৰ কথা বিচাৰ-বিবেচনা কৰিব। কণ্টেইনমেন জ’ন মানে লকডাউন নহয়। এনেবোৰ কথাৰ বাবে ত্ৰাসিত নহৈ মুখত মাস্ক, সঘনাই হাত ধোৱা, ছেনিটাইজ কৰি নিজে সজাগ হোৱাৰ আহ্বান জনায় সঞ্চালকগৰাকীয়ে।
উল্লেখ্য যে, মহানগৰীৰ ডনবস্ক’ বিদ্যালয়ৰ শিক্ষক কৰ’ণাত আক্রান্ত হোৱাৰ পাছত মহানগৰীৰ আন এখন বিদ্যালয় হলীচাইল্ড বিদ্যালয়তো কৰ’ণাৰ সংক্রমণ হৈছে ৷ বিদ্যালয়খনৰ দুজন শিক্ষার্থীৰ অভিভাৱক কৰ’ণাত আক্রান্ত হোৱাৰ পাছত হলীচাইল্ডৰ দশম শ্রেণীৰ অনলাইন প্রি–বোৰ্ডৰ পৰীক্ষা বাতিল কৰা হয় ৷ আনহাতে, ডনবস্ক’ বিদ্যালয়ৰো ২৭ ফেব্রুৱাৰীৰ পৰা হ’বলগীয়া সকলো পৰীক্ষা পৰৱর্তী জাননী নিদিয়ালৈ বাতিল কৰা হৈছে ৷ গুৱাহাটীত কৰ’ণা সংক্রমণ কিছু বৃদ্ধি পোৱাৰ সময়তে ব্যক্তিগত বিদ্যালয়ৰ চতুর্থ শ্রেণীৰ পৰা ষষ্ঠ শ্রেণীলৈ হ’বলগীয়া পৰীক্ষাসমূহ বাতিল কৰি অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে ৷
লগতে পঢ়ক: যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান