গুৱাহাটী, ২২ ফেব্ৰুৱাৰীঃ পঞ্জীয়নভূক্ত দল হিচাপে ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ "ৰাইজৰ দল" আৰু "অসম জাতীয় পৰিষদ" দলে আপ্ৰাণ চেষ্টা চলাইছে যদিও এই পৰ্যন্ত নিশ্চিত নহয় যে আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত দল হিচাপে দুয়োটা দলে কেতিয়া স্বীকৃতি লাভ কৰিব । অসম জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে এই প্ৰসংগত কয় যে, এটা ৰাজনৈতিক দল পঞ্জীয়নৰ যি তিনিটা পৰ্যায় থাকে তাৰে দুটা পৰ্যায় ইতিমধ্যে সম্পূৰ্ণ হৈছে । নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলে জাতীয় পৰিষদৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে সকলো নথি পত্ৰও সংগ্ৰহ কৰিছে ।
উল্লেখ্য যে, সম্প্ৰতি পঞ্জীয়নৰ বাবে দলৰ ফালৰ পৰা কৰিবলগীয়া সকলোখিনি কামেই সম্পূৰ্ণ কৰা হৈছে । এতিয়া বাকীখিনি নিৰ্ভৰ কৰিছে নিৰ্বাচন আয়োগৰ ওপৰত ।ইপিনে আনটো নৱগঠিত ৰাজনৈতিক দল "ৰাইজৰ দল"ৰ নেতা কমল কুমাৰ মেধিয়ে ই টিভি ভাৰতক কয় যে, দলটো পঞ্জীয়নৰ বাবে যিখিনি নথি পত্ৰকে আদি কৰি বিভিন্ন তথ্য দাখিল কৰিব লাগে, সেই সকলোবিলাক ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা হৈছে ।
লগতে পঢ়ক: নলবাৰীত অগপৰ নিৰ্বাচনী কুচ-কাৱাজ