ETV Bharat / state

Krishnasura.com: অসমীয়া ৱেব চিৰিজৰ অভিলেখ ভংগ কৰিব নেকি কৃষ্ণচূড়া ডট কমে ? - অভিনেতা কমল লোচন

প্ৰায় ৪০০০ কলা-কৌশলীক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটভূমিত নিৰ্মাণ কৰা হৈছে অসমীয়া ৱেব চিৰিজ "কৃষ্ণচূড়া ডট কম"। মুক্তিৰ চাৰি দিনৰ ভিতৰতে ৪ লাখ মিনিট ৱাটছ্ টাইম হৈছে অসমীয়া ৱেব চিৰিজখনৰ।

Will Krishnasura.com break the record of Assamese web series
কৃষ্ণচূড়া.কম" চিৰিজখন মুক্তিৰ চাৰি দিনৰ ভিতৰতে ৪ লাখ মিনিট ৱাটছ্ টাইম লাভ কৰিছে
author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:15 PM IST

কৃষ্ণচূড়া.কম" চিৰিজখন মুক্তিৰ চাৰি দিনৰ ভিতৰতে ৪ লাখ মিনিট ৱাটছ্ টাইম লাভ কৰিছে

গুৱাহাটী, ৩ ছেপ্টেম্বৰ: যোৱা ২৫ আগষ্টত ৰীলড্ৰামাত মুক্তি লাভ কৰিছে অসমীয়া ৱেব চিৰিজ "কৃষ্ণচূড়া ডট কম"। "কৃষ্ণচূড়া ডট কম"ৰ বিষয়বস্তু যুৱপ্ৰজন্মৰ লগত খাপ খোৱা । প্ৰণৱ ভৰালীৰ পৰিচালনাত নিৰ্মাণ কৰা এই অসমীয়া ৱেব ছিৰিজখনত অভিনয় কৰিছে যুৱ অভিনেতা কমল লোচন, প্ৰীতি প্ৰিয়দৰ্শিনী আৰু কুইন শিভমৰ লগতে বহু কলা-কৌশলী।

প্ৰায় ৪০০০ কলা-কৌশলীক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পটভূমিত, ছাত্ৰৰ জীৱনৰ বিভিন্ন কাহিনী লগতে ‘কা’ আন্দোলনৰ সময়ৰ আধাৰত নিৰ্মাণ কৰা হৈছে কৃষ্ণচূড়া ডট কম । কৃষ্ণচূড়াৰনগৰী ৰূপে খ্যাত লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় । য’ত বিভিন্ন অনুভৱৰ সংমিশ্ৰণ আছে । হোষ্টেলৰ পৰিস্থিতিৰ পৰা ৰাজনীতি, শৈক্ষিক পৰিৱেশ, কৃষ্ণচূড়াৰ সুগন্ধ, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ৰাজনীতি, বন্ধুত্ব তথা প্ৰেম ইত্যাদি প্ৰতিটো বিষয়ৰ সমাগম ঘটিছে "কৃষ্ণচূড়া ডট কম" ত। ৪০০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰিচালক প্ৰণৱ ভৰালীয়ে যি কাহিনীক উপস্থাপন কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় ।

ৱেব চিৰিজখনৰ সন্দৰ্ভত অভিনেতা কমল লোচনে ইটিভি ভাৰতক দিয়া এক সাক্ষাৎকাৰত মন্তব্য কৰি কয়, ‘‘চিৰিজখন মুক্তিৰ পাচত আমি উজনি অসমৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহলৈ গৈছিলোঁ । প্ৰতি ৫০০ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীয়ে "কৃষ্ণচূড়া ডট কম" চাইছে । প্ৰায় চাৰি দিনৰ ভিতৰতে ৪ লাখ মিনিট ৱাটছ্ টাইম হৈছে। অসমীয়া ৱেব ছিৰিজৰ ভিতৰত "কৃষ্ণচূড়া ডট কম" সৰ্বাধিক লোকে উপভোগ কৰা ৱেব চিৰিজ হ’বলৈ গৈ আছে । কৃষ্ণচূড়া ডট কমক এনেদৰে ৰাইজে আঁকোৱালি লোৱাৰ বাবে উৎফুল্লিত "কৃষ্ণচূড়া ডট কম"ৰ সমূহ কলা-কুশলী ।

লগতে অভিনেতাগৰাকীয়ে কয়- আমি শ্বুটিং কৰিছো গুৱাহাটী বিশ্ববিদ্যালয়ত ৷ কিন্তু অসমৰ সমূহ কলেজ আৰু বিশ্ববিদ্যালয়ৰ গোটেই কাহিনীবোৰ একেই হয় ৷ সেয়া লাগিলে নিৰ্বাচনেই হওক অথবা প্ৰেমেই হওক, কাজিয়া পেচালে হওক, ক্লাচেই হওক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্কই হওক অথবা হোষ্টেলেই হওক সকলোতে একেই হয় ৷ যিহেতু আমি শ্বুটিং গুৱাহাটী বিশ্ববিদ্যালয়ত কৰিছো সেয়ে নাম কৃষ্ণচূড়া ডট কম দিয়া হৈছে ৷ কিন্তু অসমৰ প্ৰত্যেক কলেজৰ বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চালে নিজকে কৰবাত নহয় কৰবাত ইয়াৰ লগত ৰিলেট কৰিব পাৰিব ৷

লগতে পঢ়ক: Nobel Prize award ceremony: নবেল বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ৰাছিয়া, ইৰাণ আৰু বেলাৰুছে নাপাব নিমন্ত্ৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.