গুৱাহাটী, ৫ আগষ্ট : ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক ধাৰাটোত এক নতুন সংযোজন ঘটাবলৈ প্ৰায় সাজু হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা (আছু) । 2021 বৰ্ষত অনুষ্ঠিত হোৱাৰ কথা অসমৰ বিধান সভা নিৰ্বাচন ৷ কৰ’ণা মহামাৰীৰ মহামাৰ শেষ হ’লে নিৰ্বাচন আয়োগৰ অনুমতি সাপেক্ষে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰসংগ আগত ৰাখিয়েই তৎপৰ হৈছে ৰাজনৈতিক দল সমূহ ৷
লগতে পঢ়ক : মৃত্য়ুৰ ক্ষণ গণিছে অনেক আমোলা-বিষয়া গঢ় দিয়া এখন বিদ্যালয়ে
চলিত বৰ্ষৰ আৰম্ভণিতে নাগৰিকত্ব সংশোধনী আইনক লৈ যি ব্যাপক আন্দোলন গঢ়ি উঠিছিল তাৰ মাজতেই চৰ্চা চলিছিল বিকল্প ৰাজনৈতিক দলৰ ৷ পাচৰ পৰ্যায়ত অজিত ভূঞা, বিদ্যুৎ বৰা, অদীপ ফুকন আদি বহুকেইজন ব্যক্তিৰ নেতৃত্বত গঠন হ'ল আঞ্চলিক গণ মৰ্চা ৷ তাৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনীতিত সদৌ অসম ছাত্ৰসন্থাৰ নেতৃত্বত আন এক আঞ্চলিক দলৰ অভ্যুত্থান ঘটাৰ যো-জা চলিছে ৷ মূলতঃ "কা" বিৰোধী শক্তিক মূলধন হিচাপে লৈয়েই ৰাজনৈতিক পথাৰখনত নামিব খোজা আছুৱে খুব সোনকালেই এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিব ।
লগতে পঢ়ক : EIA 2020ৰ বিৰুদ্ধে 'মেইল ষ্ট্ৰোম' কাৰ্যসূচী
আছুৰ ঔৰসত পূৰ্বে জন্ম লাভ কৰা অসম গণ পৰিষদ দলক ৰাইজে একাগ্ৰ চিত্তে আঁকোৱালি লৈছিল যদিও নিজৰ জনপ্ৰিয়তা অটুট ৰাখিব নোৱাৰিলে অগপই ৷ শেহতীয়াকৈ বিজেপিৰ সৈতে মিত্ৰযোঁটত থকা অসমৰ একমাত্ৰ আঞ্চলিক দল অগপৰ ভেটি থৰক বৰক ৷ যাৰ বাবে ৰাজ্যত প্ৰয়োজনীয়তা আহি পৰিছে এটা সবল আঞ্চলিক দলৰ ৷ ইতিমধ্যে আঞ্চলিক ৰাজনৈতিক ভাবধাৰাৰে উদ্বুদ্ধ অসমৰ কেইগৰাকীমান বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ তথা শুভাকাংখী লোকক লৈ আছুৱে এখন পৰামৰ্শদাতা সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে । উক্ত সমিতিখনেই আগন্তুক দিনবিলাকত সদৌ অসম ছাত্ৰ সন্থাই কেনেধৰণৰ ৰাজনৈতিক পথেৰে আগবঢ়াটো উচিত হ’ব সেই বিষয়ে ব্লু প্ৰিন্ট প্ৰস্তুত কৰি দিব । সেই ব্লু প্ৰিন্টৰ আধাৰতে জন্ম হ’ব আছুৰ উদ্যোগত এটা নতুন আঞ্চলিক ৰাজনৈতিক দল ।
লগতে পঢ়ক : মানৱ সৰবৰাহকাৰীৰ টাৰ্গেট অসম তথা উত্তৰ-পূৰ্বাঞ্চল
দেখা গৈছে যে, কা বিৰোধী আন্দোলনৰ সময়ত অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল সদৌ অসম ছাত্ৰ সন্থা ৷ ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ অগণন জনতা উবুৰি খাই পৰিছিল সেই আন্দোলনত ৷ আনহাতে কা আন্দোলনৰ সময়ত অসমৰ ৰাইজে বেয়া পালেও ক’ভিডৰ সময়ত অতি বিচক্ষণতাৰে যুঁজ দি জনপ্ৰিয় হৈছে বিজেপিৰ কাণ্ডাৰী তথা ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ গতিকে বিজেপিক ৰাইজে আঁকোৱালি লয় নে নতুন বিকল্পক বিশ্বাসত লয় সেইয়া লক্ষণীয় হ'ব ৷
লগতে পঢ়ক : শোণিতপুৰৰ ভৰাশিঙৰীত দুটা ফৈদৰ সংঘৰ্ষঃ জ্বলিল কেবাখনো বাহন
এইবাৰ আছুৰ উদ্যোগত পুনৰ এক ৰাজনৈতিক দল ভূমিষ্ঠ হ’বলৈ ওলোৱাটো স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে । অসমীয়া জনসাধাৰণৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হ'ব নে এই দল, কোন কোন থাকিব দলত, ৰাজ্যৰ কোনো জ্যেষ্ঠ ৰাজনৈতিক নেতা হ'ব নেকি এই দলৰ অংশ ৷ সেয়া সকলো সময়তহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক : মৃত্যু দিৱসতে উপেক্ষিত হৈ ৰ'ল ভাৰতৰত্ন গোপীনাথ বৰদলৈ