ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত পুনৰ বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Jul 2, 2019, 12:13 PM IST

Updated : Jul 2, 2019, 12:21 PM IST

ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ জাকৰ আক্ৰমণত বিধ্বস্ত এটা পৰিয়ালৰ বাসগৃহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত পুনৰ বন্যহস্তীৰ তাণ্ডৱ

গুৱাহাটী,2 জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ডিফলু পথাৰ গাঁৱত মঙলবাৰে পুৱা প্ৰায় ৩.১৫ বজাত কাজিৰঙাৰ পৰা ওলাই অহা এটা হাতীৰ জাকে বিস্তৰ ক্ষতি সাধন কৰে। ডিফলু পথাৰ গাঁৱৰ ৬নং ৱাৰ্ডৰ নিবাসী ভক্ত বাহাদুৰ ছেত্ৰীৰ ঘৰ ভাঙি থৈ যায় বনৰীয়া হাতীৰ জাকটোৱে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত পুনৰ বন্যহস্তীৰ তাণ্ডৱ

প্ৰতি বছৰে এনেদৰে হাতীয়ে তাণ্ডৱ চলোৱাৰ ফলত সৰ্বস্বান্ত হৈ গৈছে অঞ্চলটোৰ বাসিন্দাসকল ৷ বাৰে বাৰে এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পাচতো চৰকাৰ ফালৰ পৰা কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী।

Intro:হাতী মানুহৰ সংঘাত কোনো কালেই শেষ নোহোৱা এক প্ৰক্ৰিয়াত পৰিণত এতিয়া। বহু বছৰ ধৰি মানুহে চলাই আহিছে ধ্বংস কাৰ্য অৰণ্যৰ আৰু তাৰ পৰিণতিতেই যেন এতিয়া হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

Body:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ডিফলু পথাৰ গাওঁত আজি পুৱা প্ৰায় ৩.১৫মান বজাত কাজিৰঙাৰ পৰা উলাই অহা হাতীৰ জাক এটাই বিস্তৰ ক্ষতি কৰে । গাঁওখনৰ বিস্তৰ ক্ষতি কৰাৰ লগতে ডিফলু পথাৰ গাঁওৰ ৬ নং ৱাৰ্ডৰ নিবাসী ভক্ত বাহাদুৰ ছেত্ৰীৰ ঘৰৰ ভাঙি থৈ যায় হাতীৰ জাক টোৱে।
Bite:-বাহাদুৰ ছেত্ৰী।
হাতীৰ জাকে ঘৰ ভাঙি যোৱা কথা এইসকলৰ বাবে কোনো নতুন কথা নহয়। প্ৰতি বছৰে এনেদৰে প্ৰাণ ৰক্ষা কৰি নিজৰ সপোনৰ ঘৰ খন চকুৰ আগতে তচনচ হোৱা দেখি আহিছে এওঁলোকে। কিন্তু এতিয়ালৈ যেন কোনো ব্যৱস্থা লোৱা নহল চৰকাৰ ফালৰ পৰা ।

Conclusion:এনেদৰে আৰু কিমান দিন চলিব সংঘাত। চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এনেদৰেই বছৰি এইসকল মানুহৰ ঘৰ হাতীৰ জাকে ভাঙি যাব।
Last Updated : Jul 2, 2019, 12:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.