ETV Bharat / state

Wild Elephant Terror: বন্যহস্তীৰ উপদ্ৰৱত মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত কৃষকৰ হাহাকাৰ - Man Elephant conflict in Chandrapur

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ(Man Elephant conflict in Assam) । জনাঞ্চলত প্ৰৱেশ কৰি বন্য়হস্তীয়ে নষ্ট কৰিছে বিঘাই বিঘাই শালিধানৰ খেতি । মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰতো বৃদ্ধি পাইছে বন্যহস্তীৰ সন্ত্ৰাস(Wild elephant free roaming in Chandrapur) ।

wild elephant scare in chandrapur
বন্যহস্ত্ৰীৰ উপদ্ৰৱত কৃষকৰ হাহাকাৰ
author img

By

Published : Nov 9, 2022, 9:01 PM IST

গুৱাহাটী,৯ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা (Man Elephant conflict in Assam) । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শস্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে(Wild elephant free roaming in Chandrapur) ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে নষ্ট কৰিছে কৃষকৰ সপোনৰ ফচল ।

মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰ অঞ্চলতো দিনক দিনে বৃদ্ধি পাব ধৰিছে বনৰীয়া হাতীৰ উপদ্রৱ(Wild Elephant Terror at Chandrapur) । খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা নিতৌ ওলাই অহা বন্যহস্তীৰ জাকে পানবাৰী, ঠাকুৰকুছি আদি অঞ্চলত উপদ্রৱ চলোৱাত অঞ্চলবাসীয়ে এতিয়া উজাগৰী নিশা পাৰ কৰিবলগা হৈছে । বিশেষকৈ বনৰীয়া হাতীৰ জাকটোবে সন্ধিয়া হোৱাৰ লগে লগে ধাননি পথাৰত প্ৰৱেশ কৰি অঞ্চলটোৰ দৰিদ্ৰ কৃষক পৰিয়ালে কৰা খালি ধানৰ খেতি খাই গচকি নষ্ট কৰি আহিছে ।

বন্যহস্ত্ৰীৰ উপদ্ৰৱত কৃষকৰ হাহাকাৰ

বনাঞ্চলৰ পৰা প্ৰতিদিনে এনেদৰে ভৈয়ামলৈ নামি অহা জাকে জাকে বনৰীয়া হাতীয়ে পকিবলৈ ধৰা শালি ধানৰ খেতি তহিলং কৰাত এতিয়া মূৰে-কঁপালে হাত দিছে কৃষক ৰাইজে । মঙ্গলবাৰে নিশাও আমচাং অভয়াৰণ্যৰ পৰা অহা বনৰীয়া হাতীৰ জাকটোয়ে ঠাকুৰকুচি গাৱঁৰ প্ৰায় ৫০ বিঘা পকা ধান খাই গছকি নষ্ট কৰে । অঞ্চলবাসীয়ে হাতীৰ উপদ্রৱৰ পৰা ৰক্ষা পাবৰ বাবে জুই জ্বলাই, ফটকা ফুটাই ধাননি পথাৰৰ পৰা হাতীৰ জাকটোক খেদি পঠোৱাৰ চেষ্টা চলাই যদিও হাতীৰ জাকটোৱে উভতি ৰাইজক চোঁচা লোৱা পৰিলক্ষিত হয় ।

এনে পৰিপ্ৰেক্ষিতত অঞ্চলটোত এতিয়া তীব্ৰ হৈ পৰিছে হাতী মানুহৰ সংঘাত (Man Elephant conflict in Chandrapur) । মনকৰিবলগীয়া কথা এই যে যোৱা প্ৰায় ১৫-২০ দিন ধৰি বনৰীয়া হাতীৰ জাকটোয়ে অঞ্চলটো সন্ত্ৰাস চলাই আহিছে যদিও এই পর্যন্ত বন বিভাগে হাতীৰ জাকটো খেদি পঠোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ।

লগতে পঢ়ক: Tejaswita Baruah death: তেজস্বীতা বৰুৱাৰ মৃত্যুৰ প্ৰতিবেদন প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.