গুৱাহাটী,10 জুলাই: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ ৰাজ্যত প্ৰায়েই হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ সমান্তৰালভাৱে প্ৰাণ হেৰুৱাইছে বন্যহস্তীয়ে(Wild elephant dies in Satgaon)। ৰাজ্যৰ বন বিভাগে এই সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই সমস্যাৰ কোনো সমাধান নোহোৱাৰ প্ৰায়েই অভিযোগ উত্থাপন হৈ আহিছে ৷
ইয়াৰ মাজতে পুনৰ খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ কৰুণ মৃত্যুৰ ঘটনাই বিৰাজ কৰিছে চাঞ্চল্য । মহানগৰী সাতগাঁওস্থিত নাৰেঙ্গী সেনা ছাউনীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় হাতীটোৰ(Wild elephant electrocuted in Satgaon Guwahati) । বন বিভাগৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত আমছিং বনাঞ্চলৰ পৰা ওলাই আহিছিল প্ৰায় 14 বছৰীয়া বন্যহস্তীটো । সাতগাঁওস্থিত নাৰেঙ্গী সেনা চাউনীৰ নিচেই কাষতেই বিচৰণ কৰি থকাৰ সময়ত খাদ্য বুলি ভাবি দেৱালত লাগি থকা বিদ্যুৎ পৰিবাহীৰ তাৰ ভক্ষণ কৰাৰ ফলত কৰুণ মৃত্যুক আঁকোৱালি লয় বন্য হস্তীটোৱে ।
পিছত সেনা বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ততালিকে খবৰ দিয়ে বন বিভাগক । তাৰ পিছত সমগ্ৰ অঞ্চলটোত কৰ্তন কৰা হয় বিদ্যুত সেৱা । ইফালে বন বিভাগৰ দল আৰু পশু চিকিৎসক ৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃত বন্য হস্তীটোৰ যাৱতীয় পৰীক্ষা নিৰীক্ষাৰ অন্তত উক্ত স্থানতে মৃত হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰে ।
আনহাতে নিৰাপত্তাজনিত কাৰণৰ দোহাই দি সেনা বাহিনীয়ে সাধাৰণ লোকৰ লগতে সংবাদ মাধ্যমৰ কোনো লোকক ঘটনাস্থলীত যোৱাৰ বাবে অনুমতি প্ৰদান নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ । যাৰবাবে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা হাতীটো প্ৰকৃততে সেনা বাহিনীৰ ভুলৰ বাবে মৃত্যু হ‘ল নেকি তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে ।
লগতে পঢ়ক:Japanese Encephalitis in Assam: জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত তেজপুৰৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু