গুৱাহাটী, ১৫ জানুৱাৰী : ৰাজ্যপাল জগদীশ মুখীৰ পাছত ক'ভিডত আক্ৰান্ত হ'ল পত্নী প্ৰিয়ম মুখী (wife of Prof Jagdish Mukhi tests covid positive) । বুধবাৰে ক'ভিডত আক্ৰান্ত হোৱা ৰাজ্যপাল জগদীশ মুখীক বৃহস্পতিবাৰে গুৱাহাটীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাছত শনিবাৰে পুৱা ৰাজ্যপালগৰাকীৰ পত্নী প্ৰিয়ম মুখীও ক'ভিডত আক্ৰান্ত (wife of Prof Jagdish Mukhi tests covid positive) হোৱাত একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হয় ।
চিকিৎসালয়ৰ সূত্ৰ মতে, দুয়োৰে স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ কিন্তু পৰৱৰ্তী তিনিদিন পৰ্যন্ত তেওঁলোক চিকিৎসালয়তে থাকিব লাগিব ।
উল্লেখ্য যে, পূৰ্বৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত ৰাজ্যপালগৰাকী বিগত বছৰত দুবাৰকৈ ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈছিল । বৃহস্পতিবাৰে উৰুকাৰ দিনটোত ৰাজ্যপালগৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ পিছতে পত্নীৰ ৰিপ'ৰ্ট নিগেটিভ আহিছিল । কিন্তু শনিবাৰে অৱশেষত তেওঁ ক'ভিডত আক্ৰান্ত হৈ পৰে ৷
লগতে পঢ়ক : Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 2348 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত