ETV Bharat / state

কেইজন বিধায়কৰ স্বাক্ষৰ লৈ দিল্লীলৈ গৈছিল পীযুষ হাজৰিকা ? - গুৱাহাটীত বিধায়িনী দল

ইটিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি অসমৰ গৰিষ্ঠসংখ্যক বিজেপি বিধায়ক যে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত আছে তাৰ "দলিল" ৰাষ্ট্ৰীয় নেতৃত্বক দেখুৱাবলৈ সাজু কৰি লৈ গৈছিল পীযুষ হাজৰিকাই । প্ৰাপ্ত তথ্য অনুসৰি ড৹ শৰ্মাৰ সমৰ্থনত ৪৫ গৰাকী বিধায়কৰ স্বাক্ষৰ সংগ্ৰহ কৰি দিল্লীলৈ চাৰ্টাৰ্ড বিমান যোগে ৰাওনা হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা ।

কেইজন বিধায়কৰ স্বাক্ষৰ লৈ দিল্লীলৈ গৈছিল পীযুষ হাজৰিকা

author img

By

Published : May 8, 2021, 7:39 PM IST

গুৱাহাটী,৮ মে : শনিবাৰে দুপৰীয়া যেতিয়া দিল্লীত বিজেপি সভাপতি জে পি নাড্ডাৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দলৰ ৰাষ্ট্ৰীয় নেতাই অসমৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক জটিলতা আঁতৰাবলৈ সুকীয়া সুকীয়াকৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল, সেই সময়তে গুৱাহাটীৰ পৰা এখন চাৰ্টাৰ্ড বিমান যোগে দিল্লীলৈ উৰা মাৰিছিল ড৹ শৰ্মাৰ অতিকৈ ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা ।

ইটিভি ভাৰতৰ হাতত আহি পৰা খবৰ অনুসৰি অসমৰ গৰিষ্ঠসংখ্যক বিজেপি বিধায়ক যে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত আছে তাৰ "দলিল" ৰাষ্ট্ৰীয় নেতৃত্বক দেখুৱাবলৈ সাজু কৰি লৈ গৈছিল পীযুষ হাজৰিকাই । প্ৰাপ্ত তথ্য অনুসৰি ড৹ শৰ্মাৰ সমৰ্থনত ৪৫ গৰাকী বিধায়কৰ স্বাক্ষৰ সংগ্ৰহ কৰি দিল্লীলৈ চাৰ্টাৰ্ড বিমান যোগে ৰাওনা হৈছিল মন্ত্ৰী পীযুষ হাজৰিকা । সেই তালিকা দলৰ শীৰ্ষ নেতৃত্বৰ হাতত পৰাৰ পিছতে দেওবাৰে গুৱাহাটীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীকেন্দ্ৰিক জটিলতা দূৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়কঃ দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.