ETV Bharat / state

কৰ'ণাৰ সংহাৰী ৰূপে আজিও কিয় গ্ৰাস কৰিব পৰা নাই উত্তৰ-পূৰ্বাঞ্চলক ? - হিমন্ত বিশ্ব শৰ্মা

আজিৰ তাৰিখত দেশৰ বিভিন্ন প্ৰান্তত মুঠ 28 হাজাৰ380 গৰাকী লোক COVID19 ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ পাঁচ খন ৰাজ্যই কৰ'ণা মুক্ত হৈ আছে। এই ৰাজ্য কেইখন হৈছে ছিকিম,নাগালেণ্ড,মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা। লক্ষণীয়ভাৱে ছিকিম,অৰুণাচল প্ৰদেশ,নাগালেণ্ডৰ দৰে ৰাজ্যত এজন লোকো এই মহামাৰী দ্বাৰা আক্ৰান্ত নহ'ল ৷

Why Corona  Virus still unable to effect the whole northeast
কৰ'ণাৰ সংহাৰী ৰূপে আজিও কিয় গ্ৰাস কৰিব পৰা নাই উত্তৰ-পূৰ্বাঞ্চলক ?
author img

By

Published : Apr 28, 2020, 6:19 PM IST

গুৱাহাটী,28 এপ্ৰিলঃ যিসময়ত সমগ্ৰ দেশক কৰ'ণা ভাইৰাছে গ্ৰাস কৰিছে সেই সময়ত কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক এই পৰ্যন্ত গ্ৰাস কৰিব পৰা নাই COVID 19ৰ সংহাৰী অভিযানে। বহু নেতিবাচক পৰিঘটনাৰ বৰ্তমানটো উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে নিঃসন্দেহে ই এক আশাৰ কথা। অনুমান কৰা হৈছে যে,ভৌগালিকভাৱে দেশৰ এটা চুকত অৱস্থান কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজি তাৰ দূৰ্গমতা বা 'আইছ'লেশ্যন' হৈ পৰিছে আৰ্শীবাদ স্বৰূপ। উল্লেখ্য যে আজিৰ তাৰিখত দেশৰ বিভিন্ন প্ৰান্তত মুঠ 28 হাজাৰ 380 গৰাকী লোক COVID19ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ পাঁচখন ৰাজ্যই কৰ'ণা মুক্ত হৈ আছে। এই ৰাজ্য কেইখন হৈছে ছিকিম,নাগালেণ্ড,মণিপুৰ,অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা । লক্ষণীয়ভাৱে ছিকিম,অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ দৰে ৰাজ্যত এজন লোকো এই মহামাৰী দ্বাৰা আক্ৰান্তই নহ'ল। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে চিহ্নিত অসম তথা ইয়াৰ ৰাজধানী মহানগৰী গুৱাহাটীটো আশংকা কৰা ধৰণে এই মহামাৰীয়ে গ্ৰাস কৰিব নোৱাৰিলে। আজি বঙাইগাঁও জিলাৰ শালমাৰাৰ এগৰাকী ষোল্ল বছৰীয়া কিশোৰী কৰ'ণা পজিটিভ বুলি ঘোষণা কৰাৰ পিছত অসমত আক্ৰান্তৰ সংখ্যা হ'লগৈ 37 গৰাকী ৷ ইয়াৰে এগৰাকী লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে। মধ্য প্ৰাচ্যৰ পৰা উভতি আহি বৰাক উপত্যকাৰ এই লোকজনে প্ৰাণ হেৰুৱাব লগা হৈছিল। সমগ্ৰ বিশ্বৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টিৰে এক নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি কৰা COVID19ৰ গ্ৰাসৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চল তুলনামূলকভাৱে মুক্ত থকা কথা এতিয়া দেশবাসীৰ বাবে চৰ্চাৰ বিষয় হৈ পৰিছে। কি এনে কাৰণ আছে যাৰ বাবে আজিও বহুগুণে নিৰাপদ উত্তৰ-পূৰ্বাঞ্চল! মনকৰিবলগীয়া যে,যোৱা 22 মাৰ্চৰ জনতা কাৰ্ফিউৰ আগৰ পৰাই অসমত COVID19 প্ৰতিহত কৰিবলৈ বিশেষ তৎপৰতা লোৱা হৈছিল।

Why Corona  Virus stillc the whole northeast
কৰ'ণাৰ সংহাৰী ৰূপে আজিও কিয় গ্ৰাস কৰিব পৰা নাই উত্তৰ-পূৰ্বাঞ্চলক ?

অসম চৰকাৰৰ তথ্য অনুসৰি এই পৰ্যন্ত বিমানযোগে অসমত প্ৰৱেশ কৰা 36 হাজাৰ 783 গৰাকী লোকৰ বিমান বন্দৰতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছিল। কেৱল গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতে 28 হাজাৰ 952 গৰাকী বিমানযাত্ৰীক পৰীক্ষা কৰা হৈছে । একেদৰে ৰে'লযোগে অহা মুঠ 1 লাখ 49 হাজাৰ 191 গৰাকী লোককো স্ক্ৰীনিং কৰা হয়। আনহাতে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বিভিন্ন সূত্ৰৰ ভিত্তিত ৰাজ্যখনৰ 4 লাখ 31হাজাৰ 155 গৰাকী লোকৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত এক জৰীপো চলোৱা হৈছিল । একেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক তথ্য অনুসৰি এই সময়ত ৰাজ্যবাসীৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে গাঁও পঞ্চায়ত পৰ্যায়ত মুঠ 52 হাজাৰ 548 খন সজাগতা সভাৰ আয়োজন কৰা হৈছে য'ত এই ভাইৰাছৰ আক্ৰমণ সন্দৰ্ভত গাঁৱৰ সাধাৰণ লোকজনেও সকলো সংশয় খুটিনাটি মাৰি জানিবলৈ সক্ষম হৈছে। মনকৰিবলগীয়া যে,সময়ত মূল প্ৰত্যাহ্বানৰ বিষয় আছিল সন্দেহজনক বা বিপদশংকা থকা সকলক আছুতীয়াকৈ ৰখাটো। কিন্তু অতি লক্ষণীয়ভাৱে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগতীয়াকৈ লোৱা কিছু সিদ্ধান্তৰ বাবে বৰ্তমান অসমত কোৱাৰেন্টাইনত ৰাখিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ ঠাই আছে। এতিয়া ৰাজ্যত কোৱাৰেন্টাইনত থকা লোকৰ সংখ্যা হ'ল 10 হাজাৰ 61 গৰাকী । বৰ্তমান অসমত চিকিৎসাধীন হৈ থকা COVID19ত আক্ৰান্তৰ সংখ্যা 8 গৰাকী । সুস্থ সকলক ইতিমধ্যে ঘৰলৈ যাব দিয়া হৈছে। জনসাধাৰণৰ সজাগতা,চৰকাৰৰ সবল পদক্ষেপ আৰু চিকিৎসা কৰ্মী,আৰক্ষী,সমাজ কৰ্মীসকলৰ নেৰানেপেৰা চেষ্টাৰ ফলত যে শেহতীয়া COVID19 বিৰোধী অভিযানৰ মূল চালিকাশক্তি আছিল সেয়া এতিয়া প্ৰমাণিত হৈছে। এয়া অসমৰ ক্ষেত্ৰত স্পষ্ট । কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্য কেইখনৰ ক্ষেত্ৰত তাৰ ভৌগালিক অৱস্থান যে COVID19 ৰ আগ্ৰাসন ৰোধৰ অন্যতম কাৰক সেয়াও সত্য । কাৰ্যত: আইছ'লেশ্যন উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আজি আশীৰ্বাদ। ইপিনে,কালি এক ভিডিঅ' কনফাৰেন্সত অংশ গ্ৰহণ কৰি ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙেও COVID19 নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সফলতাৰ কথা দোহাৰে।

লগতে পঢ়কঃডিব্ৰুগড়ৰ শেহতীয়া পৰিস্থিতি বুজ ললে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.