ETV Bharat / state

গাহৰিৰ অচিন ৰোগে নিদ্ৰা কাঢ়িছে চৰকাৰৰঃ মন্ত্ৰী অতুল বৰা

author img

By

Published : Apr 26, 2020, 9:12 PM IST

আজি ৰাজ্যৰ পৰা কেইবাটাও নমুনা ভূপাললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ভূপালৰ পৰা পৰীক্ষাৰ ফলাফল অহাৰ পিছতহে এই ৰোগৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ।

Why Assam have pork disease
গাহৰিৰ অচিন ৰোগে নিদ্ৰা কাঢ়িছে চৰকাৰৰঃমন্ত্ৰী অতুল বৰা

গুৱাহাটী,২৬ এপ্ৰিলঃ চৰকাৰে আনুষ্ঠানিকভাৱে স্বীকাৰ নকৰিলেও ৰাজ্যৰ ছখনকৈ জিলাত দেখা দিয়া গাহৰিৰ অচিন ৰোগ আফ্ৰিকান ছোৱাইন ফিভাৰ হোৱাৰ সম্ভাৱনাই অধিক । ভাৰতৰ কোনো ৰাজ্যতে এতিয়ালৈকে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা নাই । 1921 চনত কেনিয়াত এই ৰোগৰ বীজাণু ধৰা পৰিছিল। কিন্তু এই বীজাণু আহি কেনেকৈ অসম পালেহি সেয়াহে চিন্তাৰ বিষয় ।

ইপিনে আজি ই টিভি ভাৰতৰ আগত পশুপালন মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা মতে এই ৰোগে দেখা নিদিয়া বাকী জিলাকেইখনতো ক্লাচিকেল ছোৱাইন ফিভাৰৰ ভেকচিন দিয়াৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে । ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে,আজি ৰাজ্যৰ পৰা কেইবাটাও নমুনা ভূপাললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ভূপালৰ পৰা পৰীক্ষাৰ ফলাফল অহাৰ পিছতহে এই ৰোগৰ প্ৰকৃত কাৰণ জানিব পৰা যাব । ইতিমধ্যে পশু চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী সকলকো এই ক্ষেত্ৰত দায়িত্ব অৰ্পণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

আনহাতে,যিকেইখন জিলাত এই ৰোগ ধৰা পৰা নাই সেই জিলাসমূহত গাহৰি মাংসৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা নিষেধ প্ৰত্যাহাৰ কৰা হৈছে,কেৱল ৰোগ ধৰা পৰা জিলা কেইখনতহে গাহৰি মাংসৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰা হৈছে বুলিও মন্ত্ৰী গৰাকীয়ে সদৰি কৰে । ইয়াৰ উপৰি গাহৰিৰ দানাৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা নাই বুলি কয় মন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়কঃঘৰৰ মালিকক ৫০ শতাংশ ভাড়া ৰেহাই দিবলৈ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.